মূল: কবীৰ দাস
অনুবাদ: মমতাজ আনচাৰি
১.
বাণী হ’ব লাগে এনুৱা মধুৰ, শ্ৰোতাৰ যি মন হৰে।
আনক দিয়ে মহা আনন্দ, নিজৰো মন শাঁত পৰে।।
২.
দুচটা শিলৰ মাজত কোননো থাকে বাচি।
ঘূৰণ দেখি যাঁতৰ দিলে কবীৰাই কান্দি।।
৩.
পুৰিলো আপোন ঘৰ, লৈ জোৰ মই হাতত।
নিজৰ ঘৰ জ্বলোৱা যদি, ওলোৱা মোৰ লগত।।
৪.
গুৰু গোবিন্দ দুয়ো আহিল, পূজোঁ কাক পহিলা।
প্ৰণাম হে গুৰু আপোনাকে, গোবিন্দক মিলাই দিলা।।
৫.
দুখত স্মৰণ কৰে সকলোৱে, সুখত কোনেনো কৰে।
সুখত স্মৰণ কৰাজন দুখত কেতিয়াও নপৰে।।
৬.
চপাই ৰাখিবা নিন্দুকক সাজি চোতালত পঁজা।
চাবোন তেল নোহোৱাকৈয়ে কৰিব স্বভাৱ নিকা।।
৭.
পুথি পঢ়ি পঢ়ি কত গ’ল, পণ্ডিত কেও নহ’ল।
প্ৰেমৰ আঢ়ৈটা আখৰ পঢ়ি পণ্ডিতপ্ৰৱৰ হ’ল।।
কবীৰ দাস

কবীৰৰ নামত জাৰী কৰা ডাক টিকেট
সন্ত কবীৰ দাস পঞ্চদশ শতিকাৰ এগৰাকী মহাপুৰুষ তথা অতিন্দ্ৰীয়বাদী কবি। তেওঁৰ জন্ম আৰু মৃত্যুৰ সময় সম্পৰ্কে সঠিক তথ্য পাবলৈ টান যদিও তেওঁৰ ১৩৯৮ খ্ৰীষ্টাব্দত উত্তৰ প্ৰদেশৰ বাৰনসীত জন্ম হৈছিল আৰু ১৫১৮ খ্ৰীষ্টাব্দত মৃত্যু হৈছিল বুলি মানি লোৱা হৈছে। তেওঁৰ কবিতা বা ‘দোহা’সমূহে তদানীন্তন ভক্তি আন্দোলনত বিশেষ প্ৰভাৱ পেলাইছিল।
দোহাসমূহ কথিত হিন্দী ভাষা, মূলতঃ ব্ৰজভাষা, অৱধী আৰু ভোজপুৰী ভাষাৰ মিশ্ৰণত ৰচিত হৈছিল। সহজ-সৰলভাৱে ৰচিত, কিন্তু ভাবোদ্দীপক আৰু সমৰ্পণৰ সুৰেৰে সমৃদ্ধ কবীৰৰ দোহাসমূহে যুগে যুগে মানুহক বিমল আনন্দ দি আহিছে।
❧ | আৰু পঢ়ক:
- নজানে কিছ ৰূপ মে নাৰায়ণ মিল যায়
- কৃষ্ণ দ্বৈপায়ন বেদব্যাস
- কুঁৱৰ নাৰায়ণৰ কবিতা: কাফ্কাৰ প্ৰাগত
- এখনি অকলশৰীয়া নাও
- আজহাৰ ইকবালৰ কবিতা ‘মোৰ সপোনৰ ঘৰ’
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক