আবেগ আৰু শিল্প

আবেগ আৰু শিল্প

সৃষ্টিৰ তাগিদাত ভাববোৰে
হেঁচা-ঠেলা লগায়

ইকৰা বেৰৰ জলঙাইদি পাৰ হৈ অহা
টিপ চাকিৰ ধূসৰ পোহৰ
মই আঁকিব নাজানো
বুৰুলি খেৰৰ তৰা দেখা চালখনো
মই আঁকিব নাজানো
মই নাজানো ৰূপ দিব
তেজে ফুটোঁ ফুটোঁ গালেৰে এজনী গাভৰু

নৈখনে গান গাই থাকে দুপৰীয়া
দুপৰীয়াৰ ৰং বা কেনে

সৃষ্টিৰ আকালত প্ৰাণ যায়
এবুকু ভাৱনাৰ
গড় ভাঙো ভাঙোকৈ থকা
আৱেগবোৰে মুখ উন্দোলায়

আৱেগবোৰ কেনেকৈ অঁ‌কা যায়?

আবেগ আৰু শিল্প | দীপশিখা বড়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

গছবোৰ

গছবোৰ

শৰৎকাল

শৰৎকাল