সখি, ঘৰ এটা সাজিবানে?
দে’তাৰ ডাঙৰ ছাতিটোৰে চাল হ’ব
আইতাৰ আশী সূতাৰ দুখন চাদৰেৰে বেৰ
কল্পনাৰ দুৱাৰডলিৰে বগুৱাবাই আমি সোমাই যাম
কণমান পৃথিৱীখন পোহৰেৰে সজাম।

সখি, মাহঁতে ভূ নোপোৱা আবেলি এটাত
কলেজ ৰ’ডেৰে এপাক ফুৰাবলৈ নিবানে?
ষ্টেডিয়ামৰ কাষৰ ইউকেলিপ্টাছজোপাৰ তলত তুমি এখন্তেক ৰ’বা
আপোনভোলা হৈ নিজকে এবাৰ ক’বা—
ইমান ধুনীয়া গোন্ধাইছে চা…

পৰশ খুৰাহঁতৰ বাৰীৰ ভগা অটোৰিক্সাখনতো উঠিমগৈ দিয়া
মোৰ বাওঁহাতত এটা ছাতি
সোঁহাতত এজাপ কিতাপ
তুমি ৰুমাল জোঁকাৰি দ্রাইভাৰ হৈ
সুধিবা— দিদিজী কাহা হেই জানা?
মই পখিলা এটা হৈ ক’ম,—
ছপ্ন’কী দেছ মেই, দুংগী দছ্ ৰুপইয়া…।

আলাপ | চন্দ্ৰমা কলিতা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক