ভেদ-ভাব মাত্ৰ দুৰ্বলতা

ভেদ-ভাব মাত্ৰ দুৰ্বলতা
  • 17 Sep, 2012

ষাৰ ধেমেলীয়া কথাৰে আৰম্ভ কৰোঁ। চৈয়দ আব্দুল মালিক ৰসৰ অফুৰন্ত ভঁৰাল আছিল। দুই মিনিট কথা পাতিলে চাৰিবাৰ হাঁহিব লগা হয়। মোক নিজৰ ভাইৰ দৰে মৰম কৰিছিল। এদিন কথাই কথাই ক’লে— দুজন ভদ্ৰলোক বাটেৰে আহি আছিল, মুখামুখি হৈ দুয়ো ৰৈ গ’ল। কেলৈ জানেনে? দুয়োৰে সাংঘাতিক চিন্তা। আনজন যায় কেনেকৈ? যাব পাৰে কেনেকৈ? ফলত দুইজন ৰৈ গ’ল। যাবলৈ পাহৰিলেই। ভদ্ৰলোক দুজন কোন জানেনে? এজন হ’লগৈ আমাৰ জোক আৰু আনজন হ’ল কেৰেলুৱা।…

আমাৰ বেছিভাগ মানুহৰে মূল সমস্যা সেইটোৱেই। মোৰ মনলৈ আহিছে নামঘোষাত বোধহয় আছে— বৰ্ণাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰে সে কেৱল অধিকাৰ। মই এই উদ্ধৃতিৰ আগলৈ বা পিছলৈ যাব খোজা নাই। এই যে ধৰ্ম শব্দটো, ইয়াৰ প্ৰকৃত অৰ্থ বুজিবলৈ আমি কিমান যত্ন কৰোঁ? প্ৰকৃত সত্যত উপনীত হ’ব পাৰোঁনে? আমি সবৰ্সাধাৰণ মানুহ। ইংৰাজীত যেনে মানুহক more than average বা men of rank বোলা হয়, তেওঁলোকৰ কথা এতিয়া আমি নাভাবোঁ। আচলতে আমাৰ দৰে সাধাৰণ মানুহকলৈহে সমাজ-জাতি; আমাৰহে উত্তৰণৰ প্ৰয়োজন। মহাপুৰুষজনাৰ কথা মনত পেলাই চাওক। কাৰ কথা তেখেতে প্ৰথম ভাবিছিল? কাৰ ওচৰলৈ লৈ যাব খুজিছিল জ্ঞানৰ অমৃত? দ্বিতীয়তে ‘যাৰ যেনে বিধি আছে’ তাতহে তেওঁৰ কেৱল অধিকাৰ। আনৰ বিধিত নহয়। য’ত অধিকাৰ নাই, তাত প্ৰশ্ন তোলাটো অনধিকাৰ। অনধিকাৰ চৰ্চা আৰু অধৰ্ম সমাৰ্থক। এইটো এক প্ৰকাৰৰ ব্যক্তি-স্বাতন্ত্ৰ্যৰো কথা। জীৱনৰ প্ৰায়বোৰ আদৰ্শজনিত ক্ষেত্ৰত ইয়াৰ বিবেচনা হ’ব পাৰে। অৱশ্যেই ঔচিত্যৰ দফা এটা থাকিব।

মুছলিম গ্ৰন্থতো মই দেখিছোঁ, কোৱা হৈছে— ”তোমাৰ বাবে তোমাৰ ধৰ্ম, মোৰ বাবে মোৰ ধর্ম।” ইয়াৰো আগলৈ বা পিছলৈ মই যাব খোজা নাই। তত্ত্বটোৱেই আমাৰ প্ৰয়োজন। খ্ৰীষ্টীয়ান ধর্মগ্রন্থতো অনুৰূপ কথা আছে। প্ৰতিৱেশীক ভাল পোৱাটো বাধ্যতামূলক। এই মুহূৰ্তত সংশ্লিষ্ট উক্তিটো মনলৈ অহা নাই।

বিচাৰ কৰি চালে দেখা যাব, সহ-অৱস্থানৰ এটা ধাৰণা প্ৰায় সকলো ধর্ম তথা দাৰ্শনিক চিন্তাত আছে। জীয়াই থাকা আৰু জীয়াই থাকিবলৈ দিয়া। এটা প্ৰকৃতিৰ বিধান। যিহেতু আত্মাক চিনাই মূল কথা। গতিকে ই এটা ব্যক্তিগত প্ৰচেষ্টাত পৰিণত হয়। এই কাৰণতে একেটা ধৰ্মৰে দুজন মানুহৰ আধ্যাত্মিক সাধনা নিমিলিব পাৰে। বাহিৰৰ আচাৰ-অনুষ্ঠানৰ প্ৰসংগটো ইয়াত গৌণ। ভিতৰৰ তাত্ত্বিক দিশটোহে প্ৰধানকৈ বিবেচনা কৰিবলগীয়া। এই কাৰণতে সম্ভৱত একোটা ধৰ্মত সময়ত কিছু ভাগ উদ্ভৱ হয়। দুটা ধৰ্মততো পার্থক্য থাকিবই পাৰে। ইয়াক ঠিক এইদৰেই গ্ৰহণ কৰা ভাল। প্রশ্ন কৰিবলৈ গ’লেই নিজ সাধনাৰ গতি ব্যাহত হ’ব। জোক আৰু কেৰেলুৱাৰ দৰে।

এতিয়া আমি একেবাৰে ৰুঢ বাস্তৱলৈ লক্ষ্য কৰিব পাৰোঁ। এটা যেনিবা নির্বাচন আহিল। তৎক্ষণাত ভোট দিয়া মানুহবোৰৰ মাউখবোৰৰ হিচাপ আৰম্ভ হৈ যাব। কোনে কাক ভোট দিব। হিন্দুৱে মুছলমানে। কাক কেনেকৈ বলাব পাৰি। অনুদান প্ৰতিশ্ৰতি উচটনি ভাবুকি আৰু কিমান কি? দুষ্ট বুদ্ধিৰে ভৰা মগজুৰ সৃষ্টিশীলতাও বেছি। ইয়াত আচলতে ধাৰ্মিকতাৰ কোনো ঠাই নাই। ধর্মক দবাখেলৰ গুটিৰ দৰে ব্যৱহাৰ কৰা হয়। জিকা জিকে। হৰা হাৰে। তেওঁলোক বহুত দূৰলৈ গুচি যায়। আমি মাত্ৰ কাৰো কোনেও মুখলৈ চাব নোৱৰা হৈ ৰৈ যাওঁ। এই অধিকাৰ কিয় দিলো আমি?

ধর্মত গুৰু লাগেই। ভাল গুৰু নহ’লে ধর্ম কিছুমান আচাৰ-বিচাৰৰ মাজত আৱদ্ধ হৈ ৰৈ যায়। কিন্তু ধর্মক জীৱিকা ৰূপে গ্ৰহণ কৰা আৰু ধর্মক আশ্ৰয় কৰি নেতা হোৱা প্ৰসংগ দুটা মন কৰা ভাল। দুয়োটা ক্ষেত্ৰত মানুহ নিস্বার্থ হোৱা টান। স্বাৰ্থ জড়িত কাম কল্যাণকৰ নহ’ব পাৰে। এনে নেতাই জাতীয় স্বাৰ্থক বিপৰ্যস্ত কৰিব পাৰে। ইয়াৰ অনেক নিদৰ্শন বিচাৰিলেই পোৱা যায়।

আমি সবৰ্সাধাৰণ মানুহে এনেকৈ পণ কৰিব নোৱাৰোনে,— ধর্ম আমাৰ আত্মাৰ কল্যাণৰ সাথন, ইয়াক আমি বাহিৰৰ ন্যস্ত স্বাৰ্থ, ভুল শিখা আদি একোকেই স্পৰ্শ কৰিবলৈ নিদিওঁ? তাৰ সলনি ধর্মক ইয়াৰ স্বৰূপাৰ্থত গ্ৰহণ কৰিবলৈ যত্ন কৰি পৃথিৱীৰ জীৱন মধুৰ কৰি তুলিম?

ভেদ-ভাব মাত্ৰ দুৰ্বলতা | ইমৰান শ্বাহ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক