বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰাসংগিক কথা

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰাসংগিক কথা
  • 05 Aug, 2022

ভা ৰতবৰ্ষ এতিয়া সাম্প্ৰদায়িকতাৰ দূষিত বতাহৰে প্ৰদূষিত। ধৰ্মীয় আবেগ সৃষ্টি যেন হৈ পৰিছে আমাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য। সেয়ে আমি উৎকট সাম্প্ৰদায়িক কথা-বতৰা কৈ সমাজ জীৱনক কলুষিত কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। সকলো কথাতে ধৰ্মৰ প্ৰলেপ সানি দিবলৈ যত্ন কৰোঁ। ইতিহাসৰ পাঠ কৰোঁ ধৰ্মীয় আবেগেৰে। তাত সংহতিৰ কথা নাই, আছে ধৰ্মৰ বিদ্বেষ বা সংঘাত। বিজ্ঞানৰ মাজতো ধৰ্মীয় কুসংস্কাৰ আৰোপ কৰি ভাল পাওঁ। ধৰ্মৰ সুৰক্ষাৰ ক’বলৈ গৈ আমি পৰস্পৰৰ মাজত সংঘৰ্ষৰ ভেটি ৰচি ভাল পাওঁ। তাৰ বাবে নানা উপাদান যোগান ধৰোঁ। এনেকৈ দেশৰ প্ৰগতিৰ ৰথ আগবাঢ়িব বুলি কৈ থাকোঁতে দেশে দৰিদ্ৰৰ শাৰী পূৰালেও অথবা জনজীৱন বিধস্ত হ’লেও আমাৰ কোনো খেদ নহয়। শংকৰদেৱকো আমি টানি-আঁজুৰি আনি যাগ-যজ্ঞৰে সনাপোটকা কৰিবলৈ পিছহুঁহকি নেথাকোঁ।

দেশৰ এই অনাত্মীয় তথা কদৰ্যপূৰ্ণ ৰূপটি দেখি প্ৰসিদ্ধ ঔপন্যাসিক, ৰামধেনু যুগৰ স্ৰষ্টা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৪ অক্টোবৰ, ১৯২৪—৬ আগষ্ট, ১৯৯৭)ৰ এটি লেখা মনত পৰিছে, য’ত তেওঁ ভাৰতৰ সাম্প্ৰদায়িক পটভূমিৰ ব্যাখ্যা কৰিছিল ইতিহাসৰ প্ৰেক্ষাপট আৰু বাস্তৱ উপলব্ধিৰ ভেটিত। বিভাজনৰ মাজেদি দেশে স্বাধীনতা পোৱাৰ পাছতে ১৯৪৮ চনত হেম বৰুৱা সম্পাদিত ‘পছোৱা’ৰ পাতত ভট্টাচাৰ্যই অশোক মেহতা আৰু অচ্যুত পটৱৰ্দ্ধনৰ ‘কমিউনেল ট্ৰায়েঙ্গল অব ইণ্ডিয়া’ পুথিৰ আলোচনা কৰিবলৈ গৈ দুয়োজনৰ মতামতৰ লগত তেৱোঁ একাত্ম অনুভৱ কৰিছিল আৰু কিছু তাৎপৰ্যপূৰ্ণ কথা তাত লিখিছিল।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেতিয়াই লেখা এষাৰ কথাই আমাৰ মন চুই যায়— ভাৰতৰ ক্ষেত্ৰত বৃটিছ গৱৰ্ণমেণ্ট আৰু সাম্প্ৰদায়িক নেতৃবৰ্গৰ উভয়েই বিশ্বাস কৰিছিল সংঘৰ্ষত, বিভেদত আৰু গণতান্ত্ৰিক বিৰোধিতাত। এই বিশ্বাসৰ ফলতে ভাৰতৰ জনতাৰ অৰ্থনৈতিক আৰু সামাজিক উন্নতি হোৱা নাই। বৃটিছ গৱৰ্ণমেণ্টে আন্তৰ্জাতিক আৰু ভাৰতীয় গণশক্তিৰ হেঁচাত ভাৰতক স্বাধীনতা দিলে হয়, কিন্তু তেওঁলোকৰ পালিত পুত্ৰ সাম্প্ৰদায়িক দৈত্যটোৰো ক্ষমতাৰ খক পূৰণ হ’ল। ভাৰতৰ সমন্বয় আৰু ঐক্যৰ শক্তিধাৰা সাময়িকভাৱে পিছহুঁহকি আহিব লগা হ’ল।

ভট্টাচাৰ্যৰ মনত প্ৰশ্নৰ উদয় হৈছিল এইবুলি যে ভাৰতৰ বুৰঞ্জীয়ে যি সমন্বয়ৰ পথ দৰ্শাই গৈছে, সেই পথ কি চিৰদিন এৰা পৰি ৰ’ব নেকি? তেওঁৰ উত্তৰ আছিল— বোধহয় নৰ’ব। ভাৰতেই বোলক বা পাকিস্তানেই বোলাক, কোনো দেশতেই অৰ্থনৈতিক স্বাধীনতা অহা নাই। এনে সময় আহিব সিদিনা অৰ্থনৈতিক সংগ্ৰামৰ যোগেদি ভাৰত-পাকিস্তানৰ গণশক্তিৰ মিলন হ’ব আৰু দেশৰ ভূগোল, বুৰঞ্জী সংস্কৃতিৰ আহ্বান মানি যুক্তৰাষ্ট্ৰীয়তাৰ ভেটিত নতুন উন্নতিৰ পথ মুকলি হ’ব।

আজি বাস্তৱত আমি দেখিলো, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সেই আশা সুদূৰ পৰাহত হৈ ৰ’ল। তেওঁৰ আকাংক্ষাৰ ৰাজনৈতিক আৰু সামাজিক সমস্যাৰ অৰ্থনৈতিক দৃষ্টিভংগী বিকাশ কৰাৰ বাটত দেশে বাট বুলিব নোৱাৰিলে। বৰং মধ্যযুগীয় সংস্কাৰক অনুসৰণ কৰা পৰিলক্ষিত হ’ল। তেনে চেতনাৰেহে ভাৰতীয় জনগণক মোহাচ্ছন্ন কৰিব বিচৰা হৈছে। ইয়াৰ প্ৰধান কাৰণ ধৰ্মৰ বৰবিহ। ভাৰতৰ দৰে বহু ধৰ্মৰ, বহু সংস্কৃতিৰ মিশ্ৰিত সমাজত ধৰ্মৰ অহেতুক প্ৰসংগই অৰ্থনৈতিক ভেটিটো মজবুত নকৰে, তাক ভাঙি অকামিলাহে কৰি তোলে। ৰচনাখনত দেশৰ প্ৰগতিৰ যে সাম্প্ৰদায়িক শক্তিবোৰেই প্ৰধানত অন্তৰায় তাক সুন্দৰকৈ দেখুওৱা হৈছে।

ভাৰতৰ সাম্প্ৰদায়িক সমস্যাক ভট্টাচাৰ্যই ত্ৰিভুজৰ সতে ৰিজাইছিল। ইয়াৰ মূল বাহুডাল হৈছে বৃটিছ আৰু বাকী দুটা ক্ৰমে হিন্দু আৰু মুছলমান। হিন্দু আৰু মুছলমানৰ হাই-কাজিয়া আৰু খৰিয়ালেই সাম্প্ৰদায়িক সমস্যা। ডেৰশ বছৰ ধৰি এই সমস্যা জটিল কৰি তোলা হৈছিল আৰু বৃটিছ আঁতৰ হোৱাৰ পাছতো ই জটিল ৰূপ ধাৰণ কৰি আছে। তেওঁ প্ৰশ্ন তুলিছে, বৃটিছ অহাৰ আগৰ এহেজাৰ বছৰ কাল তেওঁলোকে কেনেকৈ মিলাপ্ৰীতিৰে আছিল? তেওঁ লিখিছে যে এই এহেজাৰ বছৰ কাল দুই সম্প্ৰদায়ে খৰিয়াল পতা নাছিল। এইসময়ছোৱাৰ দুই সম্প্ৰদায়ৰ অপূৰ্ব মিলনৰ ফলবোৰ হ’ল—

(১) কবীৰ-নানক-চৈতন্য-তুকাৰামৰ সমন্বয়মূলক ধৰ্ম
(২) আকবৰৰ দীন ইলাহী ধৰ্ম
(৩) ভাৰতৰ আঞ্চলিক ভাষা উৰ্দুৰ জন্ম; বঙালী, মাৰাঠী আদিৰ উন্নতি সাধন
(৪) গুজৰাট, আগ্ৰা আদিৰ সমন্বয়মূলক স্থাপত্য
(৫) সংগীতত ‘খেয়াল’ ৰাগৰ সৃষ্টি।

দহ শতিকা কাল হিন্দু, মুছলমানে মিলাপ্ৰীতিৰে বাস কৰিবলৈ চেষ্টা কৰিছিল। যুদ্ধ হৈছিল, কিন্তু সমন্বয়ৰ সোঁতো আছিল। তেওঁ লিখিছে, হিন্দু আৰু মুছলমান শিল্পীয়ে দুয়োৰো নিজৰ কৌশল খুৱাই বেলেগ বেলেগ ৰীতি মিলাই তাজমহল সৃষ্টি কৰিছিল।

বৃটিছ অহাৰ পাছত হিন্দু -মুছলমানৰ মাজত থকা মিলাপ্ৰীতিৰ ভাব লাহে লাহে লোপ পালে। বৃটিছে যিটো নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে, সি আছিল দেশৰ জনশক্তিক নতুন সামাজিক প্ৰেৰণাৰ ভেটিত সংগঠিত কৰিব পৰা এটা শাসন ব্যৱস্থা। কিন্তু বৃটিছ গৱৰ্ণমেণ্টে এই সামাজিক প্ৰেৰণাক উপেক্ষা কৰি দেশৰ ওপৰত এটা জনতাৰ সমৰ্থন নোহোৱা, স্বেচ্ছাচাৰী আৰু বিভেদমূলক শাসন ব্যৱস্থা জাপি দিয়ে। চৰকাৰে দেশত সমতা আঁতৰাই জাতি আৰু সম্প্ৰদায়বোৰৰ মাজত বিভেদৰ ভাব প্ৰৱৰ্তন কৰি তাৰ যোগেদি কেনেকৈ দেশ খাব পাৰি তাকেই চিন্তা কৰিবলৈ ধৰে। হিন্দু আৰু মুছলমান দুই সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক চেতনাৰ উত্থানো ঘটিছিল বৃটিছৰ বিভেদ আৰু শাসন নীতিৰ ফলতে। দুই সম্প্ৰদায়ৰ মাজত পৃথক সংগঠন গঢ়ি উঠাত বৃটিছ সন্তুষ্ট হৈছিল, কিয়নো তেওঁলোকে কংগ্ৰেছ জন্ম হোৱাটো ভাল পোৱা নাছিল।

তেওঁ লিখিছে, চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি ১৮৮৫ চনলৈকে এই কালছোৱাত বৃটিছে মুছলমান সম্প্ৰদায়ক সামৰিক আৰু বে-সামৰিক চাকৰি, শিক্ষা— সকলোৰে পৰা বঞ্চিত কৰি ৰাখি হিন্দু সম্প্ৰদায়ক তুলি দিছিল। ইয়াৰ প্ৰধান কাৰণ হৈছে, চিপাহী বিদ্ৰোহত মুছলমানসকলে আগভাগ লৈছিল।

তেওঁৰ মতে, ১৯১৬ চনত বৃটিছ চৰকাৰৰ প্ৰতি ভাৰতীয় মুছলমানৰ আনুগত্য বঢ়াবলৈকে মুছলিম লীগ গঠন হৈছিল। লীগৰ প্ৰচাৰ কাৰ্যৰ ভেটি আছিল যুক্তিহীনতা, অস্পষ্ট লক্ষ্য আৰু মিছা কথাৰে পূৰ্ণ। তেনেদৰে হিন্দু মহাসভা, যি হিন্দু সাম্প্ৰদায়িকতাৰ প্ৰতীক তাৰ বিকাশলৈ লক্ষ্য কৰিলেও একেটা সত্যই ওলাই পৰে। সাম্প্ৰদায়িক নিৰ্বাচক সমষ্টি প্ৰৱৰ্তন কৰাৰ পাছৰে পৰাই হিন্দু মহাসভাই গা কৰিবলৈ সুবিধা পাইছিল।

তেওঁ কৈছে, দুয়োটা সাম্প্ৰদায়িক অনুষ্ঠানেই বেলেগ বেলেগ পথেদি একে ৰকমেই আগবাঢ়ি আহিছিল। তেওঁলোকৰ লোভ আছিল ক্ষমতাত— জনতাৰ স্বাধীনতাত নহয়। তেওঁলোকৰ মূল ভাবধাৰা আছিল সাম্প্ৰদায়িক জাতীয়তাবাদ। এওঁলোকৰ প্ৰত্যেকেই হিন্দু আৰু মুছলমানৰ বাবে একোখন ‘Nation-state’ বিচাৰিছিল। কিন্তু ভাৰতত হিন্দু আৰু মুছলমান দুটা জাতি নহয়। ভাৰতৰ বুকুত চিৰদিন ঐক্য আৰু সমন্বয়ৰ সুৰেই বাজি আছে। এই ঐক্য আৰু সমন্বয়ৰ সুৰৰ প্ৰতিনিধিত্ব কৰিছিল কংগ্ৰেছৰ জাতীয়তাবাদে আৰু জাতীয়তাবাদৰ মূল শিক্ষক আছিল মহাত্মা গান্ধী।

ভট্টাচাৰ্যই আকৌ লিখিছে, জগতত দুটা জাতীয়তাবাদ আছে— এটা বিচমাৰ্কীয়, আনটো মেটচিনিৰ শিকনিযুক্ত। মেটচিনিয়ে কৈছিল যে জাতিটোৱে প্ৰতি ৰাষ্ট্ৰ গঠন কৰা যুগুত নহয়। পৃথিৱীখন এখন ৱৰ্কশ্বপ। ইয়াত যুক্তৰাষ্ট্ৰীয়তাৰ ভাবেৰেহে সকলো সমস্যা সমাধান কৰিব পৰা যাব। ইয়াৰ ভেটি গণতন্ত্ৰ, কিন্তু বিচমাৰ্কৰ সেইটো নহয়। বিচমাৰ্কে জাতিসমূহৰ পাৰস্পৰিক সংঘৰ্ষত বিশ্বাস কৰিছিল। মুছলিম লীগ আৰু হিন্দু মহাসভাৰ জাতীয়তাবাদো বিচমাৰ্কীয় প্ৰকৃতিৰ। বৈদেশিক শক্তিক উচ্ছেদ কৰা বিষয়ত তেওঁলোক বিচমাৰ্কীয় নহয়। কেৱল বিচমাৰ্কৰ দৰে সামৰিক শক্তিৰ ওপৰত বিশ্বাস আৰু গণতন্ত্ৰত অবিশ্বাস— এই লক্ষণ হ’লে দুই সাম্প্ৰদায়িক শক্তিৰ গাত দেখা যায়।

‘পছোৱা’খন গ্ৰন্থাকাৰে সম্পাদনা কৰাৰৰ সময়ত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এই লেখাটিত আমাৰ চকু ৰৈ গৈছিল।

❧ | আৰু পঢ়ক:

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰাসংগিক কথা | ড° পৰমানন্দ মজুমদাৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক