বি হু আহে। বিহু আহিছে। প্রকৃতিয়ে গম পােৱাৰ আগতেই আজিকালি মানুহে গম পায় ব’হাগৰ আগমনৰ কথা। কিছু বছৰৰ আগলৈকে মাঘ বিহুৰ আগতেই ব’হাগ বিহুৰ বাতৰি বিলাইছিল কেছেটৰ দোকানবিলাকে। বজাৰ ধৰাৰ তাগিদাত মাঘৰ বিহুৰাে আগতেই বিহুগীত আৰু বিহুসুৰীয়া গীতৰ কেছেটৰ উজান উঠিছিল অসমৰ ইমূৰে-সিমূৰে। নিশা তিনি বজাতাে জখলাবন্ধাৰ সমুখৰ দুৱাৰ নােহােৱা কেছেটৰ দোকানবিলাকে উজনি-নামনিৰ বাছযাত্রীৰ টোপনি ভাঙিছিল উচ্চগ্রামত বজোৱা বিহুগীতৰ সুৰেৰে। দ্রুত পৰিৱৰ্তিত প্রযুক্তিৰ কৃপাত কেছেট এতিয়া নষ্টালজিয়া মাথােন। কেছেটৰ ঠাই লােৱা কম্পেক্ট ডিস্কও একে পথৰে পথিক। এতিয়া বােধহয় বিহু প্রথমে নামে ইউটিউবত। ইউটিউবৰ পৰা স্মার্টফোনে স্মার্টফোনে নামি টিভি চেনেলৰ পৰ্দাত নামি তাৰ পৰা ননমাই হয়। তাৰ পাছতহে ৰাতি দুপৰত দূৰণিৰ পৰা ভাহি অহা কুলিৰ মাতত সঁচা ৰঙালী বিহুৰ আবেশটো লাগে,— হয়, বিহু আহিছে।

বিহু আহিছে। বিহুৰ লগে লগে আজিকালি আৰু কিছু আনুসংগিক বিষয়ৰাে আগমন হয়। কুলি চৰাইৰ মাতত, ঢােলৰ চেৱত, টাকুৰি ঘূৰাদি ঘূৰা নাচনীৰ কঁকালৰ ভাঁজতে মাথোঁ নহয়;— টেলিভিচনৰ পৰ্দাত, সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত, চছিয়েল মেডিয়া— ফেচবুক, টুইটাৰ, ইউটিউবৰ বুকুতাে। বৰদৈচিলাৰ দৰেই ঢাহি-মুহি নিয়া উগ্র ৰূপ ধাৰণ কৰে বিতৰ্কই। জৰিগছৰ দৰে সহস্ৰ শিপাৰ জাল বয় বিতর্কই।

বিতর্ক, কিহক লৈ? গােটেই বছৰটো কুম্ভকর্ণৰ দৰে শুই থকা অসমীয়াৰ জাতীয়তাবাদটো, অসমীয়া সংস্কৃতিৰ সতীত্ব ৰক্ষাৰ সেনাপতি-সুলভ ভাবটো বিহুৰ সময়তে সাৰ পাই উঠে। গা-মূৰ জাৰি-জোকাৰি দেখে— সর্বনাশ, বােলে— গ’ল গ’ল, অসমীয়া জাতি ৰসাতলে গ’ল! কেনেকৈ গ’ল, কেনেকৈ গ’ল? কিয়, জুবিনে জীন্স পিন্ধি সাংস্কৃতিক সন্ধিয়াত হিন্দী গীত গাই দিলে, অসম ৰসাতলে নগ’ল?

হয়, ভাল কথা— যদি বিহুৰ মঞ্চত সুৱদিসুৰীয়া অসমীয়া ভাষাৰ গীত-মাত গাই আমি বিহুটো পালন কৰিব পাৰোঁ, অসমীয়া সাজ-পাৰেৰে আটকধুনীয়াকৈ বিহুটো উদ্যাপন কৰিব পাৰোঁ। কিন্তু কেৱল বিহুৰ কেইদিন কিয়? গােটেই বছৰটো কিয় নহয়? গােটেই বছৰটোত তাৰ বাবে আমি পৰিৱেশ তৈয়াৰ কৰি ৰাখিব পাৰিছোঁনে? তৈয়াৰ কৰিবলৈ আমি যত্নপৰ হৈছোঁনে? অসমীয়াত্ব কেৱল বিহুৰ মঞ্চত গােৱা গীতকেইটাতহে আছেনে? অসমীয়াত্ব কেৱল বিহুৰ কেইদিনত ‘পিন্ধিব লাগে’ বুলি ভবা সাজ-পােচাককেইটাতহে আছেনে? নিজৰ ভাষাটোক আমি কিমান সন্মান কৰোঁ বছৰটোত? ‘মােৰ ল’ৰাটোৱে/ ছােৱালীজনীয়ে অসমীয়া ক’বই/ পঢ়িবই/ লিখিবই নােৱাৰে’ বুলি নিজৰ ভাষাটোক কিমান অসন্মান কৰোঁ বছৰটোত? অসংখ্য মহাপ্রাণে সুস্থভাৱে গঢ় দিবলৈ জীৱনপাত কৰা অসমীয়া বােলা সত্তা এটাক উত্তৰ প্রজন্মলৈ বােৱাই নিবলৈ মই কিমান যত্নপৰ বছৰটোত?

❧ | আৰু পঢ়ক: প্রাসংগিক চিন্তা: হেঁপাহৰ বিহুটি আজি কোন দিশে

প্রশ্নবােৰ সহজ। উত্তৰবােৰাে জনা৷ কেৱল কার্যকৰী কৰাৰ অনীহা। আবেগ আৰু একপক্ষীয় বিচাৰে ইতিবাচক সিদ্ধান্ত কেতিয়াও নিদিয়ে। দিব নােৱাৰে। বিহু উপলক্ষে পতা সাংস্কৃতিক সন্ধিয়াখন ‘বিহু’ হয়নে? সেই সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰা গায়ক বা গায়িকাগৰাকী বিহুৱা বা নাচনী হয়নে? কথাবােৰ আলােচনাৰ বাবে এনে ধৰণৰ প্রশ্নও উত্থাপন হােৱা উচিত। কোনাে হুঁচৰি দলে জিন্স-টিশ্বার্ট পিন্ধি হুঁচৰি গােৱা আমি দেখা নাই, মুকলি বিহু বুলি পতা প্রতিযােগিতাত চুৰিদাৰ পিন্ধি কোনাে নাচনীয়ে নচা আমি দেখা নাই। তেনেকুৱা দেখিলে অৱশ্যেই তাৰ জোৰদাৰ প্রতিবাদ হােৱা উচিত। ‘কেছেট-বিহু’ৰ ভৰপকৰ সময়ত কিছুমান ৰাতিতে গজা গায়ক-সুৰকাৰে জনপ্রিয় হিন্দী চিনেমাৰ গীতৰ সুৰৰ আধাৰত ‘বিহুগীত’ উৎপাদন কৰি বজাৰত মেলিছিল, তেনে ধৰণৰ কাণ্ডৰ প্রবল প্রতিবাদ হােৱা উচিত। কিন্তু বছৰটোত জাতিটোৰ প্রতি, মােৰ সংস্কৃতিৰ প্রতি কৰিবলগীয়া একোৱেই নকৰিলাে বাবেই বিহুৰ সময়তে সুযােগটো পাওঁতেই অযৌক্তিভাৱে য’তে-ত’তে জপিয়াই পৰাটো অনুচিত।

বাহিৰৰ ৰূপ-ৰঙতকৈ অন্তৰৰ নিঘূণী ৰূপটো জাতি এটাৰ সু-স্বাস্থ্যৰ বাবে বেছি দৰকাৰী। আমাৰ যদি নিজস্ব বৈশিষ্ট্যযুক্ত গীত-মাত-নাট-পৰম্পৰা সুস্থ ৰূপত নাথাকে, তেনেহ’লে আনক আমাৰ বুলি কি দেখুৱাম? চোলাটো, চুৰীয়াখন? চোলাটো-চুৰীয়াখন-গামােচাখনে কিমান সময়লৈ মােহি ৰাখিব পাৰিব জগতক? কিন্তু বিহুগীতৰ স্বকীয় সুৰত, বিহুনাচৰ লয়-তালত, ভাওনাৰ গীত-পদ-অভিনয়ত বিশ্বক বিমুগ্ধ কৰাৰ উপাদান আছে; এইবােৰে বিমুগ্ধ কৰিও আহিছে। এই প্রসংগতে জুবিন গাৰ্গৰ গাৰ কাপােৰ চোৱাতকৈ তেওঁ গােৱা বৰগীত, লােকগীত, বিহুগীত, আধুনিক গীতবােৰ আমি ফঁহিয়াই চাব পাৰোঁ। চোৱা উচিতাে। সেইবিলাকৰ জৰিয়তে তেওঁ অসমীয়া বােলা সত্তাটোৰ গুৰিত সাৰ-জাবৰ দিব পাৰিছেনে? যদি পাৰিছে, তেওঁ ভাল অসমীয়া। জুবিন গাৰ্গৰ দৰে আন আন গায়ক-গায়িকাসকলকো আচলতে আমি সেই দৃষ্টিৰেইহে চোৱা উচিত।

সকলাে মানুহেই সৃষ্টিশীল নহয়, হােৱাটো সম্ভৱো নহয়; অর্থাৎ সকলােৱেই যে নিজে গীত গাই বা নৃত্য কৰি জাতিৰ সেৱা, সংস্কৃতিৰ সেৱা কৰিব, তেনে নহয়। কিন্তু সৃষ্টিশীল নােহােৱাকৈ যে জাতিৰ সেৱা, সংস্কৃতিৰ সেৱা কৰিব নােৱাৰি, তেনেকুৱাও নহয়। আন একো কৰিব নােৱাৰিলেও নিজৰ ভাষা-সংস্কৃতিৰ প্রতি নিজে শ্রদ্ধাশীল হৈ, উত্তৰ পুৰুষক শ্রদ্ধাশীল কৰিও জাতিৰ-সংস্কৃতিৰ সেৱা কৰিব পাৰি। কৰিব পাৰি বেছি ফলপ্রসূভাৱে। বিহুৰ বতৰেই চাগে আত্মজিজ্ঞাসাৰ বাবেও ভাল বতৰ, ভূপেন হাজৰিকাই কৈছিল— ব’হাগত জাতিয়ে স্নান কৰে; স্নান কৰি প্রত্যেক অসমীয়াই সতেজ এটা মন লৈ ভবা উচিত, ইতিহাস মুকলি কৰা উচিত— অসমীয়াত্ব ক’ত ক’ত আছে? মই কি কাৰণে অসমীয়া আৰু কিমান অসমীয়া? জাতিটোৰ বাবে, মােৰ সংস্কৃতিৰ বাবে মই কি কৰিছোঁ ইমান দিনে, মই কি কৰা উচিত?

❧ | আৰু পঢ়ক: প্ৰসংগ: অসমীয়া উৎসৱত অসমৰ জাতীয় সাজ-পাৰ পৰিধান

বিতর্কই দুৱাৰ মুকলি কৰে। চিন্তাৰ সংঘাতত পােহৰ ওলায়। বিতর্ক হওক, কিন্তু বিতর্কত বহাৰ আগতে কিছুমান প্রাথমিক কথা পৰিষ্কাৰ কৰি লােৱা ভাল। ভাল— বিহুটোৰ বাবে, জাতিয়ে মলিয়ন বস্ত্র সলােৱা ব’হাগৰ বাবে; ভাল— জাতিটোৰ বাবে।

ফিচাৰড্ ইমেজ: জুবিন গাৰ্গৰ আনুষ্ঠানিক ফেচবুক পৃষ্ঠাৰ সৌজন্যত

বিতর্কৰ বহাগ | মালিনী গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক