প্ৰথিতযশা বুৰঞ্জীবিদ, শিক্ষাবিদ সদানন্দ চলিহা (জন্ম: ৪ ছেপ্তেম্বৰ ১৯২৩, মৃত্যু: ৩১ আগষ্ট ১৯৯৩)ৰ অন্যতম গুৰুত্বপূৰ্ণ সৃষ্টি ‘প্ৰাচীন ভাৰতৰ গণৰাজ্য’ গ্ৰন্থখন সম্পৰ্কত এক চমু আলোচনা আগবঢ়াব বিচাৰিছোঁ। ‘ৰামধেনু’ৰ ১৮৭৮ শকৰ (১৯৫৬-৫৭ চন) অষ্টম সংখ্যাৰ পৰা একাদিক্ৰমে ত্ৰয়োদশ সংখ্যালৈ মুঠ ছটা সংখ্যাত সদানন্দ চলিহাৰ ‘প্ৰাচীন ভাৰতৰ গণৰাজ্য’ শিৰোনামেৰ এলানি প্ৰবন্ধ প্ৰকাশ পাইছিল। এই ছটা প্ৰবন্ধৰ লগতে ‘অসম বাণী’ কাকতত ১৯৮২ চনৰ মে’ মাহৰ দুটা সংখ্যাত প্ৰকাশিত ‘বহুজনহিতায়’ শীৰ্ষক দুটি প্ৰবন্ধ সংকলিত কৰি এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছিল।
গ্ৰন্থখনৰ প্ৰথম প্ৰবন্ধটোত ‘গণৰাজ্য’ শব্দটোৰ উৎপত্তিৰ বিষয়ে লিখি প্ৰয়াত চলিহাই বৰ্ণনা কৰি কৈছে যে ‘গণৰাজ্য’ শব্দটো প্ৰকৃততে ইংৰাজী ‘ৰিপাব্লিক’ শব্দৰ সামৰ্থ্যক শব্দ। ‘ৰিপাব্লিক’ শব্দৰ প্ৰতিশব্দ হিচাপে ‘সাধাৰণতন্ত্ৰ’, ‘প্ৰজাতন্ত্ৰ’ প্ৰভৃতি শব্দ ব্যৱহাৰ কৰা হৈছিল যদিও ‘গণৰাজ্য’ শব্দটো বেছি অৰ্থব্যঞ্জক হোৱা বাবে ই বহুল প্ৰচলিত হ’ল। গ্ৰন্থখনৰ প্ৰথম অধ্যায়ত উল্লেখ কৰা মতে বৰাহমিহিৰে (৫০৫-৫৮৭ শক) ‘গণৰাজ্য’ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল। আধুনিক গণৰাজ্যসমূহৰ ভিতৰত আমেৰিকাখনেই হ’ল সৰ্বপ্ৰথম গণৰাজ্য। ১৭৬৫ চনত উত্তৰ আমেৰিকাৰ তেৰখন বৃটিছ উপনিৱেশে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে। ১৭৭৬ চনত তেওঁলোকে স্বাধীনতাৰ দাবী প্ৰথমবাৰৰ বাবে ঘোষণা কৰে আৰু ১৭৮৩ চনত এই দাবী স্বীকৃত হয়। প্ৰায় আঠ বছৰ ধৰি চলা এই স্বাধীনতা সংগ্ৰামৰ দায়িত্ব বহন কৰিছিল এই বিদ্ৰোহী উপনিৱেশকেইখনৰ প্ৰতিনিধি বৰ্গৰ এখন সন্মিলনে বা কংগ্ৰেছে। অৱশেষত প্ৰায় ছয় বছৰ পাছত এখন সংবিধান প্ৰণীত কৰি ৰাষ্ট্ৰৰ মুখিয়ালজনক ‘প্ৰেছিডেণ্ট’ আখ্যা দিয়া হ’ল। ১৭৮৯ চনত জৰ্জ ৱাছিংটন দেশৰ প্ৰথম প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত হয়। পাছলৈ আমেৰিকাৰ ৰাষ্ট্ৰীয় গণৰাজ্যৰ আদৰ্শক অধিক জনপ্ৰিয় কৰি ১৮৬০ চনত আব্ৰাহাম লিংকনৰ নেতৃত্বত ‘আমেৰিকান ৰিপাব্লিক পাৰ্টি’ গঠন কৰা হয়।

‘প্ৰাচীন ভাৰতৰ গণৰাজ্য’ নামৰ ইতিহাস সম্বলিত গ্ৰন্থখনত উল্লেখ কৰা মতে পুৰণি ইউৰোপ বা ভাৰতৰ গণৰাজ্যবোৰৰ কোনোখনেই ৰাষ্ট্ৰীয় গণৰাজ্য নাছিল। পুৰণি গণৰাজ্যবোৰ আছিল কোনো জনজাতি বিশেষৰ অথবা কোনো যুঁজাৰু ফৈদৰ নাইবা সম্প্ৰদায়ৰ একোটা গোট। সংশ্লিষ্ট জনজাতি, ফৈদ কিম্বা সম্প্ৰদায়টোৰ বাহিৰৰ লোকে তাত প্ৰতিনিধিত্ব পোৱা নাছিল। গণপতি বা সংঘৰ মুখ্যজনো তাহানি পোলেণ্ডৰ ৰজা নিৰ্বাচিত হোৱাৰ নিচিনাকৈ জীৱনভৰৰ বাবে নিৰ্বাচিত বা মনোনীত হৈছিল। সময়ত গণপতিজন ঢুকালে তেওঁৰ পুতেককে পিতাকৰ পদবীত অভিষিক্ত কৰা হৈছিল, অৱশ্যেই গণ বা সংঘৰ সদস্যসকলৰ ইচ্ছা সাপেক্ষে। গতিকে এইবোৰ গণৰাজ্যৰ লগত আধুনিক গণৰাজ্যৰ ৰিজনি নাখাটে যদিও আমাৰ ৰাজনৈতিক আৰু সংস্কৃতিক ইতিহাসত এই পুৰণি গণৰাজ্যবোৰৰ এক গভীৰ সাঁচ ৰৈ গৈছে।
গ্ৰন্থখনত সদানন্দ চলিহাই উল্লেখ কৰা মতে পালি বৌদ্ধ সাহিত্যই হ’ল প্ৰাচীন ভাৰতৰ গণৰাজ্য সম্বন্ধীয় সমলৰ একমাত্ৰ উৎস। পালি পণ্ডিত ৰীচ ডেভি্ডছে এই পৌৰাণিক গণৰাজ্যসমূহৰ অৱস্থিতি সম্পৰ্কত ১৯০৩ চনত প্ৰকাশিত তেওঁৰ ‘বুদ্ধিষ্ট ইণ্ডিয়া’ নামৰ গ্ৰন্থখনত উল্লেখ কৰে। প্ৰাচীন ভাৰতৰ শাসন ব্যৱস্থা সম্পৰ্কত গৱেষণা কৰা প্ৰথম ভাৰতীয় পণ্ডিতগৰাকী হ’ল কাশীপ্ৰসাদ জয়ছোৱাল। ১৯১৩ চনৰ পৰাই তেওঁৰ প্ৰাচীন ভাৰতৰ গণৰাজ্য সম্বন্ধত সুসংগৱদ্ধভাৱে গৱেষণা আৰম্ভ কৰে আৰু তেওঁৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে ‘হিন্দু পলিচি’ নামৰ পুস্তকখন ১৯২১ চনত প্ৰকাশিত হয়। জয়ছোৱালৰ পাছত আন যিসকল ভাৰতীয় পণ্ডিতে প্ৰাচীন ভাৰতৰ গণৰাজ্য সম্পৰ্কত চিন্তা-চৰ্চা কৰিছিল, তাৰ ভিতৰত আছিল ডি আৰ ভাণ্ডাৰকাৰ, বেণী প্ৰসাদ, নৰেন্দ্ৰনাথ লাহা, বিমলাচৰণ সাহা, নাৰায়ণ চন্দ্ৰ বন্দোপাধ্যায়, ৰামচন্দ্ৰ দীক্ষিত। এই মহান ভাৰতীয় পণ্ডিতসকলে ৰচনা কৰা গ্ৰন্থসমূহে অধিক সমল সমৃদ্ধ তথ্যৰ যোগান ধৰাৰ উপৰিও তেওঁলোকৰ পৰিশ্ৰম, অধ্যৱসায় আৰু অধ্যয়নশীলতাৰ সুন্দৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা বুলি প্ৰয়াত চলিহাই তেওঁৰ গ্ৰন্থখনত উল্লেখ কৰি গৈছে।
গদাধৰ কৃত গুৰু চৰিতত উপলব্ধ ইটো-সিটো
গুণীন হাজৰিকা
গ্ৰন্থখনৰ তৃতীয় নিবন্ধটোৰ মাজৰ ফালে লেখক সদানন্দ চলিহাই গ্ৰীক দাৰ্শনিক চক্ৰেটিছৰ বিষয়ে উল্লেখ কৰিছে। চক্ৰেটিছে ৰাষ্ট্ৰৰ উৎপত্তি সম্বন্ধে উল্লেখ কৰা মতে প্ৰতিজন মানুহেৰ কিবা এটা নহয় কিবা এটাৰ অভাৱ থাকেই। গতিকে সকলো মানুহেই মিলিজুলি থাকিব লাগিব। খেতিয়কে মাটি চহাই ভাতমুঠিৰ দিহা কৰিব লাগে সঁচা, কিন্তু তেওঁক থাকিবলৈ এটা ঘৰ লাগিব, এই ঘৰটো তেওঁক সাজি দিব এজন মিস্ত্ৰীয়ে। কিন্তু মিস্ত্ৰীক লগা হ’ল খাদ্য আৰু তেওঁক এই খাদ্য যোগান ধৰিব লাগিব খেতিয়কে। আকৌ খেতিয়ক আৰু মিস্ত্ৰী উভয়কে লাগিল কাপোৰ-কানি আৰু এইখিনি যোগাৰ ধৰিব লগা হ’ল তাঁতীয়ে। এইদৰে কোনো এলেকাৰ সমূহ বাসিন্দাৰ পাৰস্পৰিক সাহায্য আৰু সহযোগৰ মাজেদি গোট খোৱাৰ লগে লগে ৰাষ্ট্ৰৰো সৃষ্টি হ’ল। এই প্ৰবন্ধটোত লেখক সদানন্দ চলিহাই ইউৰোপৰ যাজকসকলক ভাৰতবৰ্ষৰ ব্ৰাহ্মণসকলৰ লগত তুলনা কৰিছে। তেওঁৰ মতে শাসক বা ৰজাক অলৌকিক শক্তিলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাত ইউৰোপীয় যাজকসকল কোনো গুণে ভাৰতীয় ব্ৰাহ্মণসকলৰ পিছ পৰি থকা নাছিল। ব্ৰাহ্মণসকলৰ ভাগ্য এই কাৰণেই ভাল যে ভাৰতবৰ্ষত সাম্ৰাজ্য গঠন হোৱাৰ পূৰ্বেই ধৰ্মই গঢ় ল’লে, যিটো ইউৰোপত হৈ নুঠিল। সেয়ে যাজকসকলে প্ৰথমে শাসক গোষ্ঠীৰ স্বাৰ্থৰ লগতে নিজ স্বাৰ্থ একাকাৰ কৰি ল’লে।

এই গ্ৰন্থখনৰ অন্তিম ভাগত উল্লেখ কৰা মতে আলেকজাণ্ডাৰৰ ভাৰত অভিযানৰ সময়ত পাঞ্জাৱ আৰু সিন্ধু অঞ্চলত অঞ্চলত বহুতো গণৰাজ্য আছিল। গ্ৰীক বুৰঞ্জীবিদসকলে উল্লেখ কৰা মতে ঘাই গণকেইটা হৈছে— গ্লাওগণিকই, আৰ্দ্ৰায়ষ্টাই, কাথইয়, মাল্লই, অগলেছয়, পণ্ডল ইত্যাদি। গণৰাজ্যৰ তুলনাত ৰাজতন্ত্ৰৰ সংখ্যা আছিল তাকৰীয়া। গ্ৰীক ঐতিহাসিকসকলে নাম উল্লেখ কৰা ৰজাকেইজন হ’ল— শশীগুপ্ত, অষ্টক, পুৰু, অভিসাৰ, আম্ভি, সৌভূতি, ভগলা আৰু দুই-এজন সৰু-বৰ ৰজা। স্বদেশলৈ ঘূৰি যোৱাৰ আগতে পাঞ্জাৱত জয় কৰা দেশখণ্ড আলেকজাণ্ডাৰে তিনিভাগত বিভক্ত কৰি তেওঁৰ মিত্ৰ ৰজা তিনিজনক গতাই থৈ যায়। হজাৰা জিলা আৰু কাশ্মীৰ পৰিল অভিসাৰৰ ভাগত, জেহলমৰ পশ্চিম অঞ্চলৰ শাসনকৰ্তা হ’ল তক্ষশীলাৰ ৰজা আম্ভি আৰু পুৰুৱে পালে জেহলম বিয়াসৰ মধ্যৱৰ্তী এলেকা। আলেকজাণ্ডাৰে পাঁচ হাজাৰ নগৰ আৰু অসংখ্য গাঁও ধৰি মুঠ পোন্ধৰখন গণৰাজ্য দখল কৰি পুৰুৰ ৰাজ্যৰ লগত চামিল কৰি থৈ যায় বুলি চলিহাই উল্লেখ কৰিছে।
আধুনিক গণতান্ত্ৰিক ব্যৱস্থা সম্বন্ধত এই পুস্তিকাখন হৈছে এক ইতিহাসসমৃদ্ধ আপুৰুগীয়া সমল গ্ৰন্থ। গ্ৰন্থখনৰ স্ৰষ্টা প্ৰয়াত সদানন্দ চলিহাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।
Follow Nilacharai on Facebook
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
