ধনশিৰিৰ বাবে দুটা স্তবক

ধনশিৰিৰ বাবে দুটা স্তবক
  • 26 Dec, 2017

মোৰ সিৰাই সিৰাই সিৰসিৰাই গ’ল ধনশিৰি
ডি-মাৰ পাৰত আলাই আথানি আমা-ডিমা আমাৰ পো-পোৱালি

উজাই নে ভটিয়াই গ’লগৈ হাবুঙীয়া বৰা
হৈয়াঙে দৈয়াঙে জুলুকি জুলুকি পানী খুৱাই…

মহঙৰ লোণ তেজেৰে লুণীয়া
মৰঙীৰ ৰঙা ৰুমালে মছিব জানো?
ৰজাৰ সাউদে গুৰ যোগনীয়া গাঁৱত শালেৰে মানুহ চেপে
ঢোলৰ বৰতি টানিলে ছিগিব, ঢিলাকৈয়ে থোৱা
পীৰিতি নিজৰাৰ থিয় গৰাটোত থাকিবা কিমান খোপনি ধৰি
সিৰাই সিৰাই সিৰসিৰাই গ’ল ধনশিৰি।

মোৰ সিৰাই সিৰাই সিৰসিৰাই গ’ল ধনশিৰি
কাতিৰ কুঁৱলি ৰাতিৰ নাৱৰ টিঙত শুনো
ৰেলৰ ছেৱত মেথোন ওজাৰ ঢোল
ম’হ-হাল বাই পাৰৰ বকৰাণিত গহৰা গজাই ভাগিল বৰুৱা-ফুকনমখা
উনৈশ ৰাধাৰ ডিঙিত বিৰহৰ হাড়মাল
এজনী উমাৰ ঘাম মচোঁতেই মচ খালে শিৰৰ সেন্দূৰ
ৰঘুনাথে আৰু খহুলা ঘাটৈয়ে কাক কেনি নিলে পাৰ কৰি
সিৰাই সিৰাই সিৰসিৰাই গ’ল ধনিশিৰি।

ছবি: বিদ্যুৎ কুমাৰ ভূঞা

❧ | আৰু পঢ়ক:

ধনশিৰিৰ বাবে দুটা স্তবক | নৱকান্ত বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক