ধূপকাঠীত এআই

ধূপকাঠীত এআই
  • 04 Apr, 2025

তা হানি নেত্ৰ কাইটি নামৰ চৰিত্ৰ এটিত প্ৰখ্যাত কৌতুক অভিনেতা অৰুণ হাজৰিকাদেৱে ধাৰাবাহিকভাৱে অভিনয় কৰিছিল। বিহুঢোলৰ শব্দ শুনিলে নেত্ৰ কাইটি ৰ’ব নোৱাৰে; য’তেই নাথাকক, যি কামেই নকৰক কিয় সকলো বাদ দি বিহুঢোলৰ চেৱত তেওঁ নাচিবলৈ লয়। স্থান-কাল-পাত্ৰ সকলো পাহৰি পেলায়।

ছিৰিয়েলখনৰ কোনোবা এটা খণ্ডত নাটকৰ ভিতৰত নাটক; মানে ছিৰিয়েলখনত এজন ল’ৰাৰ বিয়াৰ বাবে ছোৱালী চাবলৈ বুলি ল’ৰাৰ বাপেক হৈ নেত্ৰ কাইটি যাব লগা হ’ল। বাপেকীৰ আখৰা কৰি নেত্ৰ কাইটি হ’বলগীয়া দৰাৰ লগত কইনাৰ ঘৰ পালেগৈ। প্ৰথমছোৱা ঠিকেই আছিল, পিছে অলপ সময়ৰ পাছতে নেত্ৰ কাইটিয়ে যেন ঢোলৰ শব্দ শুনা পালে; লগালগ তেওঁৰ কাণ দুখন থিয় হৈ পৰিল— ঠিক গিৰীয়েকৰ ফোনলৈ অহা কোনোবা মহিলাৰ মিঠা মাত শুনাৰ পিছতে ঘৈণীয়েকৰ কাণ দুখনে থিয়-দঙা দিয়াৰ দৰে। হয়, নেত্ৰ কাইটিয়ে ঠিকেই ধৰিছে! কইনাঘৰৰ ওচৰৰ ক্লাবটোতে গাঁৱৰ ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰিবলৈ লৈছে। ঢোলৰ কোব পিছলৈ ইমানলৈ চৰিলগৈ যে কাইটি ৰ’ব নোৱাৰিলে, দৰাৰ দেউতাক হৈ অহা কথাটি তেনেই পাহৰি কইনাঘৰৰ ড্ৰয়িংৰূমতে তেওঁ বিহু নাচিবলৈ ল’লে। জোলোঙাৰ মেকুৰী ওলাই লৰ দিব লগা হ’ল। পিছে মিছা ক’লে কিটো হ’ব, এই অভাজনৰো সেই একেই অৱস্থা হ’লগৈ; তাকো একেবাৰে দুৰ্গাপূজাৰ থলীত।

এতিয়া এআই (AI) মানে Artificial Intelligence-অৰ যুগ; মোবাইলৰ পৰা ধূপকাঠীলৈকে। আপুনি যদি মোবাইলত দুটামান ভক্তিৰসৰ গীত শুনে, এআই বাপুৱে ধৰি লয় যে আপুনি প্ৰভুৰ এজন একান্ত সেৱক; গতিকে মোবাইলত পিছৰ গীতৰ ১০টাৰ ভিতৰত ৭-৮টাই ভজন ওলাব; দুপৰীয়াও, মাজৰাতিও। কিবাকৈ যদি দুটামান সাপৰ ভিডিঅ’ ৰাতি-বিয়লি চালে, হৈছে আৰু! আঁঠুৱাৰ ৰছী, কাপোৰ মেলি দিয়া ৰছী, ঘৰৰ চুকৰ এলান্ধু, চিলিং ফেনৰ ওপৰৰ তাঁৰডাল, আনকি মানুহজনীৰ দীঘল চুলিকোঁচাতো সিবিধ বগাই থকা যেন দেখিব! এই ভিডিঅ’ চাই গধূলি লাওগছৰ হেন্দালিৰ ফালে চালে দেখিব যেন লাওৰ ওলমি থকা আগবোৰত সিহঁত লেউলেউকৈ ওলমি আছে! ৰাতি সপোনত দীঘলীয়াই বাট আগচিবহি; ভয়ে আপোনাক ঘৰৰ বাহিৰ ওলোৱা বন্ধ কৰি দিব। দীঘলীয়াই এনেকৈ খেদিব যে আপুনি গোটেই ৰাতি সপোনতে গোটেই চুবুৰিটো দীঘলীয়াৰ আগে আগে দৌৰিয়ে থাকিব লাগিব। ফোপাই-জোপাই সাৰ পোৱাতহে যেনিবা ৰক্ষা! ইটোৰ পিছত সিটো ভিডিঅ’, ৰীল ওলায়ে থাকি আপোনাৰ মাথা বিপথে নিয়াব।

মোৰ লগৰীয়া এজন ধূপকাঠীৰ ফেক্টৰীৰ মালিক। নতুন পেকেটত কোন চেলিব্ৰিটিৰ ফটো দিব তাকে লৈ সি দোমাজাত পৰিছে। মোক কিবা এটা উপায় দিবলৈ ক’লে। মই তাক গুগুল খুচুৰিবলৈ ক’লো। গুগুলত এআইৰ সহায় লৈ চাই-মেলি মোলৈ ফোনতে যিকেইজনীৰ নাম ল’লে, মই ওচৰত থকা মোৰ শ্ৰীমতীয়ে শুনা পাই বুলি ফোনৰ ভলিউম কমাই দিব লগা হ’ল…। ভাগ্য ভাল যে ফোনৰ স্পীকাৰটো অন কৰা নাছিলো! মই তাক ক’লো— “এই পিশাচিনীকেইজনীৰ ফটো দিলে পূজা কমিটিয়ে তোৰ ধূপকাঠী নিষিদ্ধ কৰিহে এৰিব আৰু প্ৰভুৱে নিজেই পূজাথলী ত্যাগ কৰিব। সেই পেকেটৰ ধূপ লগালে পুণ্যৰ সলনি ভক্তগনৰ পাপহে বেছি হ’ব।”

সি আকৌ মোৰ সহায় বিচাৰিলে!

মই ক’লো— “চা, এই ধূপকাঠীৰ লগত চল্লিশ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰহে সম্পৰ্ক বেছি। তেওঁলোকেহে ধূপকাঠী বেছিকৈ কিনে। ডেকা-গাভৰুৱে বছৰটোত সৰস্বতী পূজা, শিৱ পূজাৰ নিচিনা দুটামান পূজাতহে ধূপ দুপেকেটমান কিনে; সিহঁতক টাৰ্গেট কৰি লাভ নাই। তই এটা কাম কৰ, আদহীয়া বয়সৰ মানুহখিনিৰ ডেকা কালত হিট মৰা হিন্দী চিনেমাৰ নায়িকা দুজনীমানৰ মাজৰ পৰা এজনীক বাছি উলিয়াই সেইজনীৰ ফটো ধূপকাঠীৰ পেকেটত ছপা কৰি দে!”

মোৰ কথা শুনি সি নিজৰ ভাল লগা নায়িকা এজনীৰ ফটো নতুন পেকেটত ছপাই দুৰ্গাপূজাৰ পোন্ধৰ দিনমান আগতে বজাৰত উলিয়াই দিলে। এদিন মই ‘কাৰ ফটো দিলি’ বুলি সোধোঁতে ‘দুপেকেটমান কিনিলে দেখিবিয়েই নহয়’ বুলি সামৰি থ’লে।

দুৰ্গাপূজাত দেৱীক দৰ্শন কৰিবলৈ বুলি ঘৰৰ দেৱীজনীৰ লগত পূজাথলী পালোগৈ! মোৰ যোৱাৰ মনটো অলপ কম। মানে মোৰেই কিবা গণ্ডগোল আছে নেকি,— দুৰ্গাপূজাৰ প্ৰতিমা চোৱাৰ সময়ত মোৰচোন কিবা চকুদুটা গণেশ বাবাৰ নিপোটল পেটতো আৰু মহিষাসুৰৰ তেজাল শৰীৰটোলৈহে বেছিকৈ যায়। এই দুটাৰ কোনোবা এটাৰ মালিক হ’বলৈ মন যায়, কাৰ্তিক হ’বতো এই জনমত নোৱাৰোঁৱেই!

দেৱীক দৰ্শনৰ বাবে পূজাথলীত লাইন পাতি আছো। চৌদিশে হাতত মোবাইল লৈ আন এজাত দেৱীৰ সমাহাৰ। তাৰে মাজতে মই এংগোল মিলাই গণেশ বাবা আৰু মহিষাসুৰক দৰ্শন কৰি আছোঁ। এনেতে হাতত অনা ধূপৰ পেকেট দুটালৈ মোৰ চকু গ’ল। ধূপৰ নামটো ইংৰাজীৰ লগতে অসমীয়াত দেখিলো— মৰমজান । পেকেটটো পঢ়ি গম পালো যে সেয়া বন্ধুজনৰ ফেক্টৰীৰ। এইবাৰ মোৰ চালে চকুৰোৱা মোহময়ী হিন্দী চিনেমাৰ নায়িকাজনীলৈ চকু গ’ল। চকুত চকুত থৈ তেওঁৰ লগত মই কোন মুলুক পালো জানো! গম নোহোৱাকৈয়ে লাইনৰ পিছৰজনৰ হেঁচাত মোৰ দেহাটো প্ৰতিমাখনিৰ ফালে আগবাঢ়ি আছে হয়, মনটি কিন্তু হিৰোইনজনীৰ লগত পাহাৰ-পৰ্বত, নদী-নদী, আকাশে-বতাহে ভ্ৰমি ফুৰিছে। হঠাতে যেন নেত্ৰ কাইটিৰ ভূতটোৱে মোক লগ দিলেহি! স্থান-কাল-পাত্ৰ সকলো পাহৰি ‘এক দৌ তিন, ছাৰ পাচ চে সাত আঠ ন দচ গাৰহ… বাৰ তেৰহ… তেৰা কৰৌ গিন গিন কে ইণ্টেজাৰ…’ বুলি নায়িকাৰ লগত নাচিবলৈ ল’লো।…

সময়ৰ হিচাপ নাই, নাচি আছোঁ! লাইনত মোৰ পিছত থকাজনে জনোৱাতহে গম পালো যে এইবাৰ দুৰ্গামাক সেৱা কৰাৰ পাল মোৰ! নাচ সামৰি সেৱা কৰিবলৈ লৈ দেখিলো, মোৰ মানুহজনী লগত নাই! মোৰ নাচ দেখি লাজতে চাগে তেওঁ পলাই পত্ৰং দিলে! বুজিবলৈ বাকী নাথাকিল যে ঘৰত আজি নেত্ৰ কাইটিৰ ভূতটো মোৰ পৰা বাহিৰ কৰিহে এৰিব। সাপৰ ৰীল চাই লগা ভয়টোক চেৰ পেলাই এক ভয়ংকৰ ভয়ে মোক ছানি ধৰিলেহি!

❧ | অধিক ৰম্য ৰচনা:

ধূপকাঠীত এআই | ড° অৰূপ কুমাৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক