জনশিক্ষাৰ কঠীয়াতলী: লোকসংস্কৃতি

জনশিক্ষাৰ কঠীয়াতলী: লোকসংস্কৃতি
  • 21 Aug, 2019

লো কসংস্কৃতিৰ লগত জন্মলগ্নৰে পৰা প্ৰত্যেকজন ব্যক্তি স্বতঃস্ফূর্তভাৱে জড়িত হৈ পৰে। কেঁচুৱা এটিয়ে মাতৃগৰ্ভত স্থিতি লোৱাৰে পৰা মাতৃগৰাকীয়ে বিভিন্ন ধৰণৰ লোকাচাৰ মানি চলিবলগীয়া হয়। আনহাতে জন্ম পায়েই শিশু এটিয়ে নানা ধৰণৰ লোকাচাৰ পায়। প্রত্যেক ব্যক্তিয়ে জীৱনৰ বিভিন্ন স্তৰ এই লোকচাৰসমূহৰ মাজেৰে পাৰ কৰে। আনকি মৃত্যুৰ পাছতো মৃতকক লৈ বিভিন্ন ধৰণৰ লোকাচাৰ পালন কৰা হয়। জনসাধাৰণৰ প্ৰয়োজন আৰু সামাজিক প্রয়োজনৰ খাতিৰত যৌথভাৱে সৃষ্টি কৰা লোকবিশ্বাস, সামাজিক ৰীতি-নীতি, লোককথা, ধর্মীয় নীতি, নৃত্য-গীত, অভিনয়, ক্রীড়া, হস্তশিল্প, খোৱা-লোৱা, থকা-মেলাৰ পদ্ধতি আৰু ব্যৱস্থাসমূহৰ মাজত শিশু এটি ডাঙৰ-দীঘল হয়। জনসাধাৰণৰ জ্ঞান, অভিজ্ঞতা, শিক্ষা-দীক্ষা, জনবিশ্বাস আদিকে সাধাৰণতে লোকসংস্কৃতি বুলি কোৱা হয়। লোকসংস্কৃতিয়ে জনজীৱনৰ প্ৰয়োজনীয় আটাইবোৰ দিশকে সামৰি লয়। লোকসংস্কৃতিৰ এটি ধাৰাবাহিকতা আছে, ইয়াৰ কেতিয়াও মৃত্যু নহয়। সেয়ে লোকসংস্কৃতিৰ বিভিন্ন ৰূপ আমি ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা পাই আহিছোঁ।

লোকসংস্কৃতিৰ পথাৰখন বৰ সাৰুৱা আৰু আকর্ষণীয়। ইয়াত লোকজীৱনৰ বিভিন্ন অভিজ্ঞতা, শিক্ষা-দীক্ষা আদিয়ে জীপালভাৱে সাঁচ বহুৱাই থৈ যায়। সেয়ে ইয়াৰ দ্বাৰা লাভ কৰা শিক্ষা আনন্দমুখৰ আৰু ক্রীড়াভিত্তিক। লোকসংস্কৃতিৰ শৈক্ষিক দিশটো বৰ গুৰুত্বপূর্ণ। ইয়াৰ বিভিন্ন উপাদানসমূহে জনসাধাৰণক অনানুষ্ঠানিক শিক্ষা প্রদান কৰি আহিছে— বিভিন্ন সময়ত, বিভিন্ন পৰিৱেশত আৰু বিভিন্ন স্থানত। যিহেতু লোকশিক্ষা জনজীৱনৰ বিভিন্ন অভিজ্ঞতাৰে পৰিপূৰ্ণ এটি যৌথ আৰু ব্যক্তি নিৰপেক্ষ শিক্ষা, সেয়ে এই ধৰণৰ শিক্ষা সকলোৰে দ্বাৰা সমানে সমাদৃত। ইয়াৰ পৰিসৰো অতি ব্যাপক। থুলমূলভাৱে ইয়াৰ কেইটামান দিশহে এই চমু আলোচনাত আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে।

পৰিৱেশ শিক্ষা:

পৰিৱেশ শিক্ষা বর্তমান সময়ত অতি প্রয়োজনীয় শিক্ষা বুলি সকলো স্তৰতে গুৰুত্ব প্রদান কৰা হৈছে। পৰিৱেশৰ ৰক্ষণাৱেক্ষণৰ বাবে বৃক্ষৰ ভূমিকাৰ কথা সকলোৱে একেমুখে স্বীকাৰ কৰিছে। এইকথা কিন্তু নিৰক্ষৰ চহা লোকসকলে বহু যুগ আগেয়ে কৈ আহিছে এইদৰে—
‘দশ পুত্র এক কন্যা সম
দশ কন্যা এক বৃক্ষ সম।’

ভৌগোলিক পৰিৱেশ শিক্ষা:

ঠাই এখনৰ জলবায়ু আৰু ভৌগোলিক পৰিৱেশৰ লগত মানুহৰ গাৰ গঠন, সাজপাৰ, আচাৰ-ব্যৱহাৰ, খোৱা-লোৱাৰ অভ্যাস আৰু চিন্তা-চৰ্চাৰ ওতপ্রোত সম্বন্ধ আছে। অসমৰ মানুহৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত বসন্ত কালে বিশেষভাৱে প্ৰভাৱ পেলায়। সেয়ে বসন্ত কালত সৃষ্টি হোৱা অসমীয়া মানুহৰ উলাহ এনেদৰে প্ৰকাশ হয়—
‘চ’তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈনো থাকে মানে ওৰকে নপৰে
বহাগৰ বিহুৰে কথা।’

বসন্ত ঋতু আনন্দ আৰু প্রমোদৰ ঋতু। এই ঋতুৰ লগত জড়িত বিহুগীত, নৃত্য আদি বিভিন্ন আমোদ-প্রমোদৰ চৰ্চা হয় এই সময়ত। অসমীয়া জীয়ৰী-বোৱাৰীৰ হস্তশিল্পৰ কৰ্মকুশলতাৰ চানেকি তাঁতশালখনেও এই সময়তে প্রাণ পাই উঠে।

স্বাস্থ্য শিক্ষা:

অসমীয়া সমাজত বছৰৰ বিভিন্ন সময়ত খাবলগীয়া খাদ্যৰ কিছুমান তালিকা পৰম্পৰাগতভাৱে চলি আহিছে। এয়া জনজীৱনৰ অভিজ্ঞতা আৰু স্বাস্থ্য বিধিৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ স্বৰূপে, সপ্তাহত এদিন পিঠা খাব লাগে— ‘সাতে পিঠা আঠে তিতা’। মাঘ বিহুত পঁইতা ভাত খালে শাৰীৰিক শক্তি বৃদ্ধি হয় বুলি লোক বিশ্বাস আছে।
‘পুহৰ পঁইতা মাঘত খায়,
বাঘৰ সমান বল পায়।’

সেইদৰে বছৰৰ বিভিন্ন সময়ত খাবলগীয়া খাদ্যৰ তালিকা আছে,— এয়া প্রস্তুত কৰা হৈছে বহু যুগৰ সঞ্চিত অভিজ্ঞতা আৰু শিক্ষাৰ ওপৰত ভিত্তি কৰি।
‘জেঠত দৈ আহাৰত খৈ
শাওণত মৰাপাট খাবা গৈ।
ভাদত ওল আহাৰত কল
কাতিত কচুই বঢ়াই বল।
আঘোণত খাবা চৰাই
পুহত পিঠা, মাঘত কৰাই।
ফাগুনত মৌ,
চ’তত ঔ।
ব’হাগত খালে বৰ,
পুৰুষৰ গুছে কর্মজ্বৰ।’

স্বাস্থ্যসন্মত বাসগৃহ:

স্বাস্থ্যসম্মতভাৱে সজা, পৰিৱেশৰ অনুকূল বাসগৃহইহে ব্যক্তিৰ সু ব্যক্তিত্ব গঢ়াত অৰিহণা যোগায়। প্রাকৃতিক সম্পদেৰে নির্মিত, সৰু সৰুকৈ সজা যৌথ পৰিয়ালৰ উপযোগী ঘৰ বন্ধাৰ পক্ষপাতী পৰম্পৰাগত অসমীয়া সমাজ। সেয়েহে কোৱা হয়—
‘ঘন ঘনকৈ সৰু সৰু ঘৰ
যিমান লাগে সিমান কৰ।’

সামাজিক শিক্ষা:

সমাজ একত্ৰীকৰণ, সামাজিক শিক্ষা, সামাজিকীকৰণ আদিৰ ক্ষেত্ৰত লোকসংস্কৃতিয়ে প্রভূত অৰিহণা যোগাই আহিছে। আনহাতে সামাজিক জীৱনৰ ছবি দাঙি ধৰাতো লোকবিদ্যা পিছ পৰি থকা নাই—
‘ৰজা নাই পাতত
ধৰি কিলা বাটত।’

আটোমটোকাৰী বাৰী এখন কৰাৰ সুপৰামর্শ অসমীয়া প্রবাদৰ জৰিয়তে পোৱা যায়—
‘আটিয়াত কঁঠাল, মাজত আম
তেবেসে জানিবা বাৰীৰ কাম।
পূবে ভানু, পশ্চিমে ছায়া
উত্তৰে গুৱা, দক্ষিণে ধুবা।’

নৈতিক শিক্ষা:

নৈতিক শিক্ষা প্রদানৰ ক্ষেত্ৰতো লোকবিদ্যা পিছ পৰি থকা নাই— ‘লোভে পাপ, পাপে মৃত্যু’। সু অভ্যাস গঠনৰ সুফল সম্পর্কেও লোক সমাজে স্পষ্ট মত দাঙি ধৰি অভ্যাস গঠনেৰে দুঃসাধ্য কাম কৰাৰ প্ৰেৰণা যোগাই আহিছে।
‘অভ্যাসৰ নৰ কর্ণ পথে কৰে শৰ’।

গুৰু-শিষ্য পৰম্পৰাৰ ওপৰত লোকসাহিত্য সদায় বিশ্বাসী। গুৰু অবিহনে শিক্ষা যে সম্পূর্ণ নহয়, তাকে লোকসাহিত্যই সকীয়াই থৈছে—
‘গুৰু লগা বিদ্যা
পাখি লগা কাঁড়।
সাপৰ সৰু নাই
গুৰুৰ সৰু নাই।’

কৃষি শিক্ষা:

কৃষি শিক্ষা সম্পর্কীয় বিষয়তো অসমীয়া লোকসাহিত্যৰ বিশেষ অৰিহণা আছে। অসমীয়া যোজনাৰ জৰিয়তে অসমীয়া পৰম্পৰাগত কৃষি পদ্ধতি আৰু বিভিন্ন কৃষি বিধি সম্পর্কে জানিব পাৰি। উদাহৰণ স্বৰূপে—
‘ষোল্ল চাহে মূলা,
তাৰো অর্ধেকে তুলা।
তাৰো অর্ধেক ধান,
বিনা চাহে পাণ।’

দুজোপা গছৰ মাজত উপযুক্ত ব্যৱধান থাকিলেহে যে গছে উপযুক্ত পৰিমাণে ফল দিব পাৰে, তাকো যোজনাৰ জৰিয়তে দাঙি ধৰা হৈছে।
‘পাতে পাতে নালাগে
নলগা পাতে লাগে।’

সামৰণি:

মানৱ জাতিৰ শিক্ষা-দীক্ষা, সভ্যতা-সংস্কৃতি আদিৰ বিষয়ে জানিবলৈ লোকবিদ্যা অধ্যয়ন অপৰিহার্য। সভ্যতা-সংস্কৃতিৰ মূল্যায়ন, সেইবোৰৰ স্বৰূপ নির্ণয়ে লোকসংস্কৃতিৰ বিচাৰ-বিশ্লেষণত সহায় কৰে। সংস্কৃতি আৰু শিক্ষাৰ সামগ্রিক অধ্যয়নৰ বাবে লোকবিদ্যা অধ্যয়ন অতি প্রয়োজনীয়। সেয়েহে লোকসংস্কৃতিক সভ্যতাৰ আন এটি দিশ বুলি অভিহিত কৰা হৈছে।

সামাজিক মনস্তত্ব অধ্যয়নৰ প্ৰধান আহিলা লোকসংস্কৃতি। লোকবিদ্যাৰ বিভিন্ন দিশ, যেনে—সামাজিক আচাৰ-ব্যৱহাৰ, পৰম্পৰাগত ৰীতি-নীতি, গীত-মাত, সাধুকথা, পুৰাণ কথা আদিৰ অনুশীলনে মানৱ জাতিৰ বিভিন্ন বিষয়ৰ বিভিন্ন সমস্যাৰ সমাধানৰ পথ দেখুৱাই দিব পাৰে।

লোকবিদ্যাৰ বিষয়বস্তুৰ অধ্যয়নে ছাত্ৰসকলক মানৱ প্ৰকৃতিৰ ক্ষেত্ৰত অন্তৰ্দৃষ্টি দিয়াৰ ক্ষেত্ৰত সহায় কৰে আৰু তাৰ জ্ঞান বাস্তৱ দিশত প্ৰয়োগ কৰাৰ সুবিধাও প্রদান কৰে।

পৃথিৱীৰ উন্নত দেশবোৰ, বিশেষকৈ আমেৰিকা, জার্মানী, ফিনলেণ্ড আদি দেশবোৰ লোকবিদ্যা অধ্যয়নৰ ক্ষেত্ৰত বহু দূৰ আগবাঢ়ি গৈছে। লোকবিদ্যা অধ্যয়নৰ ক্ষেত্ৰত পুৰণা ধ্যান-ধাৰণা আঁতৰাই বৈজ্ঞানিক চিন্তা-চৰ্চাৰে আগবাঢ়ি যাব পাৰিলে ভাৰতবৰ্ষইও নিশ্চয় পৃথিৱীৰ আন আন উন্নত দেশৰ লগত সমানে খোজ মিলাই আগবাঢ়ি যাব পাৰিব। লোকসংস্কৃতিৰ বৈজ্ঞানিক চিন্তা-চৰ্চাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই এতিয়াহে পদক্ষেপ গ্রহণ কৰিবলৈ আগবাঢ়ি আহিছে। এই কম সময়তে আমাৰ দেশেও পৃথিৱীৰ বিদ্বৎ সমাজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। ই নিশ্চয় আমাৰ বাবে শুভ লক্ষণ।

❧ | আৰু পঢ়ক: অসমীয়া সমাজ-জীৱনত তামোল-পাণৰ গুৰুত্ব

পৰম্পৰাগত জ্ঞান-অভিজ্ঞতাৰ সাৰখিনি উলিয়াই তাকেই সাৰথি কৰি বর্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলক এটি সুপথ দেখুৱাই দিয়াটো আমাৰ প্ৰত্যেকজন পিতৃ-মাতৃ, অভিভাৱক তথা শিক্ষকৰে কর্তব্য। মানুহৰ জ্ঞান-অভিজ্ঞতা কেতিয়াও পুৰণা নহয়, ইয়াৰ শিক্ষাগত মূল্য সদায় বর্তমান। অতীতৰ ওপৰতহে বর্তমান প্রতিষ্ঠিত। অতীত অর্থাৎ পৰম্পৰাগত ধ্যান-ধাৰণাৰ বৈজ্ঞানিক বিশ্লেষণ আৰু তাৰ উপযুক্ত প্রয়োগ বর্তমান উঠি অহা চামক সু শিক্ষা দিয়াৰ উপযুক্ত আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰি।

ফিচাৰড ইমেজ: পল্লৱী শৰ্মা (নগাঁও)ৰ পেইণ্টিং

জনশিক্ষাৰ কঠীয়াতলী: লোকসংস্কৃতি | ড° মোহিনী গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক