জপনা খুলি সোমাই অহা গধূলিটো

জপনা খুলি সোমাই অহা গধূলিটো
  • 01 Jan, 2026

সেমেকা সুগন্ধ এটা উৰি আহি
নাকৰ কাষে কাষে ঘূৰি ফুৰিছে
ভেনামাখিৰ জাক এটাৰ ভেনভেননিত
মজিয়াখন আচহুৱা হৈ উঠিছে

পদূলি শুঙা কুকুৰবোৰে ভুকিছে
অন্য এটা পখৰা কুকুৰক দেখি
পিৰালি আঁচুৰি বখলা বখলে
এৰুৱাইছে মাটি

বগা কাপোৰৰ মাজত লুকাই
ডাঙৰীয়াবোৰে ঘৰলৈ বাট বুলিছে
কণপিতৌৱে কোবাকুবিকৈ কুকৈৰ পৰা
কেৰাচিন তেলৰ বটল এটা আনিছে

পক্ষীৰ কাকলিত চুবুৰিটোৱে জীৰাইছে
দূৰৈৰ বাঁহীৰ সুৰত শিশুহঁতৰ ওঁঠত
শান্তিৰ প্ৰাৰ্থনাবোৰে উমলিছে
এখন পৃথিৱী আমাৰ বুলি কোনোবাই চিঞৰিছে

কুমটিয়ে ধৰণীৰ বাকলি গুচাই
সীতাক বিচাৰি চলাথ কৰিছে
টোকাৰিত গীতৰ লহৰ তুলি
জপনা খুলি গধূলি সোমাই আহিছে

❧ | অধিক কবিতা:

জপনা খুলি সোমাই অহা গধূলিটো | সত্যজিৎ গগৈ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক