কোনো এক নিৰ্বিকাৰ ল’ৰাৰ প্ৰতি

কোনো এক নিৰ্বিকাৰ ল’ৰাৰ প্ৰতি

মূল (বাংলা): পাপড়ি গুহ (কোনও নির্বিকার ছেলেকে) 
অনুবাদ: পল্লৱপ্ৰাণ গোস্বামী

এতিয়া ৰাতিৰ বাৰ। ৰাতিৰ খোৱাৰ পাছত হয়তো তুমি
গৰম কৰি লৈছা তিনি কাপ কাঢ়া চাহ। অথবা তুমুল আড্ডা দিছা
সাতজনী যুৱতীৰ সৈতে। দুজনী কুমাৰী, পাঁচজনী বিবাহিতা আৰু
তোমাৰ ক্ষীণকায় শৰীৰৰ পৌৰষ যেন এমুঠি ধূলি, উৰি যায়
সিহঁতৰ ওৰণাৰ পৰা ওৰণালৈ।
তুমি যেতিয়া অৰণ্যত আছিলা, আন্ধাৰত জোনাকী পৰুৱাৰ দৰে
তোমাৰ শৰীৰৰ পৰা পোহৰ ওলাইছিল। এতিয়া নদীৰ পাৰত
বাস কৰিছা, মাছৰ দৰে ফান গজিছে তোমাৰ দুপাশে,
হাঁহৰ দৰে জোৰা লাগিছে তোমাৰ আঙুলি।
এই পৃথিৱী সম্পর্কে ঈশ্বৰৰো কিছু অভিযোগ আছে, তোমাৰ নাই।
বেশ্যাৰ জীৱনতো এক বিশেষ প্রেম আছে, তোমাৰ নাই। অথবা
ক’ব পাৰি, এই গ্রহত তোমাৰ এশ কোটি ভাল বান্ধৱী আছে,
সকলোকে তুমি সমানে ভাল পাই আহিছা ইমান দিনে।
আৰু মোলৈ চোৱা, ৰ’দে পোৰে, বৰষুণে তিয়ায়, তথাপি
শিপাৰ টানে মোক এৰি নিদিয়ে, তোমাৰ দৰে চৰাই হ’বৰ
কথা ভাবিবও পৰা নাই কেতিয়াও। শিপাত মোৰ যন্ত্রণা, আকাশলৈ
মোৰ ভয়, মই এজনী খুব সাধাৰণ বাঙালী ছোৱালী।
তুমি মোক বহুবাৰ সহায় কৰিব বিচাৰিছা। কৈছা, ‘মন বেয়া
লাগিলেই ফোন কৰিবা। কথা পাতিবৰ মন গ’লেই মোক মাতিবা।
ক’বা, কেতিয়াবা যদি কিবা কামত লাগোঁ।’ এশ কোটি
যুৱতীৰ বাবে তোমাৰ যি অফুৰন্ত কোমল সময় আছে, তাৰে এক
অংশ তুমি অনায়াসে মোক দিব বিচাৰিছা। এজনী বিষণ্ণ ছোৱালীক।
মই দুঃখী হ’লেও সিমান নিৰীহ নহওঁ। মোৰ ভিতৰত যি হিংস্র
বাঘিনীৰ বাস, তাক তুমি চিনি নোপোৱা। মোৰ ইচ্ছা হয় তোমাৰ
সন্মুখত পট্‌কৈ মেলি ধৰোঁ ভেন গঘৰ গমখেতি আৰু ভয়ংকৰ
কাউৰীৰ ছবি। ইচ্ছা হয়, জীবনানন্দৰ মখা মখা তেজ
তোমাৰ শৰীৰত দুহাতেৰে সানি দিওঁ। জীৱনযে কিমান ভীষণ
জটিল হ’ব পাৰে, শান্তি কিদৰে মানুহৰ কাষৰ পৰা আঁতৰি
যাব পাৰে, সেই কথা শুনাই তোমাৰ টোপনি কাঢ়ি আনো।
তোমাৰ ৰেখাবিহীন কপালত মাৰোঁ বৰফৰ দৰে মোৰ দুখ,
তোমাৰ দুভৰিত পিন্ধাই দিওঁ গধুৰ শিকলিৰ দৰে পাকে পাকে
মোৰ ভয় আৰু উদ্বেগ, তোমাক ফালি-ছিড়ি, কামিহাড় ভাঙি
টানি বাহিৰ কৰি আনি হৃৎপিণ্ড, দুহাতত পিহি চাওঁ,
তোমাৰ ভিতৰৰ ক’ৰবাত অকণমানো ৰক্তক্ষৰণ সম্ভৱনে!

কোনো এক নিৰ্বিকাৰ ল’ৰাৰ প্ৰতি | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

আগমন

আগমন

আইনা

আইনা