মানুহ কৰিবলৈ

মানুহ কৰিবলৈ
  • 12 Dec, 2024

মানুহ কৰিবলৈ
পিতায়ে মোক নগৰলৈ পঠিয়াইছিল
নগৰে মোক এবেগেত ঠায়ো উলিয়াই নিদিলে

নগৰৰ জনসমাগমত
মানুহ হৈ ঠিয় দিবলৈ দেখোন সুৰুঙাই নাই
নগৰীয়া গছৰ ছাঁত দেখিলো
কেৱল কলা কণা কোঙা…
ৰুগীয়া মনুষ্য

এদিন নৈ এখন বিচাৰিলো
ঘাঁহনিৰে ভৰা পথাৰ এখন বিচাৰিলো
তৰাভৰা আকাশৰ বতাহ বিচাৰিলো…
নগৰ গোমা হৈ পৰিল— ৰণশিঙা বাজি উঠিল

পিতায়ে মোনা ভৰাই কিতাপ দিছিল
কলম দিছিল আৰু দিছিল হিচাপৰ টকা
কিন্তু, নগৰখন তাৰ সম্পূৰ্ণ ওলোটা

নগৰত চলিবলৈ শিকিব নালাগে
নগৰীয়া হ’বলৈ পঢ়িব নালাগে
পহুখেদা খাই মই ঘূৰি ঘৰ ওলালোহি

অকৰা পিতাই আজিও অবাক!

❧ | অধিক কবিতা:

মানুহ কৰিবলৈ | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক