নিৰৱধি, সেই তোমাৰ গান

নিৰৱধি, সেই তোমাৰ গান
  • 27 Nov, 2025

(হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সোঁৱৰণত)

পাহৰি পেলাওঁ দুখ, ভাগৰ
নিৰন্ন সময়।

তোমাৰ গানে কি আনে—
আকাশ-বতাহ, মাটি-পানী
পৰ্বত-পাহাৰ, সূৰ্য ইত্যাদি,
স্থিৰ কৰে ত্ৰিকাল—
অতীত, বৰ্তমান, ভৱিষ্যৎ।

কাঢ়ে মোৰ মন
নিতৌ পাওঁ নতুন সুৰ…
তেজৰ আখৰেৰে লিখা তোমাৰ
সেই গান নিৰৱধি।

উৰি যাব খোজে মোৰ
আকুল উদাস প্ৰাণ,
তোমাৰ গান—
গানহীন মানুহৰ কল্যাণ।

❧ | অধিক কবিতা:

নিৰৱধি, সেই তোমাৰ গান | উদয় শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক