সোণসেৰীয়া মোৰ গাঁওখন

সোণসেৰীয়া মোৰ গাঁওখন
  • 11 May, 2022

সোণসেৰীয়া মোৰ গাঁওখন বৰ মৰমৰ
অতীতবোৰে আমনি কৰে বৰকৈ…

আপ্লুত কৰে মোৰ মন আৰু প্ৰাণ

প্ৰকৃতিৰ কল্লোলিনী পৰিৱেশ
বহাগীৰ গুণ গুণ গান
কু কু কুলিৰ মাতৰ
উত্তাল মনত সাৰ পাই সজীৱ হয়
মোৰ চেনেহী গাঁও

সিদিনা মনত পৰিল
মতলীয়া ফাগুনৰ এৰি অহা দিনবোৰ
শিমলু ফুলৰ ৰঙা ৰঙৰ সজীৱ দলিচাখন
বসন্তৰ আমন্ত্ৰণত সাৰ পাই উঠা
উছাহবোৰ…

কোনোবাই আকৌ প্ৰশ্ন কৰে,
ৰঙা ৰঙৰ গোন্ধবোৰ কত?

উত্তৰটো প্ৰশ্নই দিয়ে
ৰঙৰ মাজতেই গোন্ধ

আইতাহঁতৰ সোলা মুখেদি বৈ অহা সেলেঙিত
আপোনত্বৰ গোন্ধ

ঢোলৰ ছেৱে ছেৱে নাচি-বাগি
বিষাদবোৰ আঁতৰাই
শুভদিনবোৰৰ আমন্ত্ৰণ

কোনোবা এজনে আকৌ হাবাথুৰি খাইছে
জীৱনৰ সঙ্গী হেৰুৱাই
অৱসন্ন হৃদয়খনত ফোঁপনি উঠিছে

কামিহাড়ৰ মাজত বেদনাবোৰে ঢৌখেলি
চকুপানীৰে সামৰিছে ক্লান্তিবোৰ
দৰিদ্ৰতাৰ ৰুগ্ন হৃদয়ে বিচাৰে
সহায়ৰ হাত

গাঁওখন লাহে লাহে কংক্ৰিট হ’ল
সেউজীয়া পথাৰখন শীৰ্ণ হৈ
মহাবাহুত বিলীন হ’ল

মহীৰূহ আত্মাবোৰে হয়তো হাবাথুৰি খাইছে
সোণসেৰীয়া গাঁওখনৰ অতীত বিচাৰি

স্মৃতিবোৰে দিক-বিদিক হেৰুৱাই
গোপন কোণত উচুপি উচুপি
ঘৰমুৱা হৈছে অস্তবেলিত…

অসমীয়া কবিতা নতুন মোৰ গাঁও

সোণসেৰীয়া মোৰ গাঁওখন | পবিত্ৰ কুমাৰ দাস

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক