ইয়াতেই শৈশৱ আছিল

ইয়াতেই শৈশৱ আছিল
  • 01 Dec, 2022

ইয়াতেই শৈশৱ আছিল
ভালপোৱা কি নজনাকৈয়ে 
বুকুৰ ভিতৰে-বাহিৰে 
ভালপোৱা ভৰি আছিল।

পথাৰ, নদী, বন, জংঘল, 
পুখুৰী, ধাননি আৰু কত কি
সেই সোণালী দিন উটি-ভাহি যায়
জীৱন নামৰ হাতোৰাই 
কাঢ়ি নিব খোজে সকলো সুবাস
তথাপিও শৈশৱ পাবলৈ 
মন যায়।

ইয়াতেই শৈশৱ আছিল
চৰাইৰ মাতত আপোনভোলা,
নীলা আকাশৰ বুকুত 
বগা মেঘৰ চপৰাৰ সতে 
দূৰ-দূৰণিলৈ গুচি যোৱাৰ অলীক কল্পনা
সকলো এৰি আহিলো,
সেই গাঁও মোৰ
(এতিয়া) বহু দূৰ।

লাহে লাহে আৰু বহু সপোনে 
দুচকুত ঘৰ সাজিলে
সময়ৰ নাটনি—
অজুহাত নে বাস্তৱ?
কিন্তু এই নতুন সপোন আজি অতি আপোন
নিজক সোধাৰো অৱকাশ নাই, কি ভাল পাওঁ
দৌৰ মাথো দৌৰ
এনেকৈয়ে চলে জীৱন।

তথাপিও গাঁওখন একেদৰেই আছে
যেন মোৰ বাবে ৰৈ আছে,
ইয়াতেই শৈশৱ আছিল—
ভালপোৱা কি নজনাকৈয়ে 
বুকুৰ ভিতৰে-বাহিৰে 
ভালপোৱা ভৰি আছিল।

❧ | আৰু পঢ়ক:

ইয়াতেই শৈশৱ আছিল | হিৰেন কুমাৰ দেৱ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক