তোমাৰ কথা

তোমাৰ কথা
  • 10 Sep, 2023

তোমাৰ কথাৰে আজি
ভৰি পৰিছে মোৰ মন

থৌকি-বাথৌ শব্দৰ জোৱাৰ
সৰু-বৰ হ্রস্ব-দীৰ্ঘ
অৰ্থপূৰ্ণ-অৰ্থহীন
শব্দবোৰ—
আমাৰ সৰু সৰু অৰ্থহীন
ভেমবোৰৰ দৰে

তোমাৰ কথা ক’বলৈ লওঁতেই
ভিৰ কৰেহি শব্দবোৰে
কি যে আপদীয়া—
কথা এটাও ক’বলৈ নিদিয়ে

উৎপতীয়া শব্দবোৰৰ আঁৰত
আছে নেকি কাৰোবাৰ প্ৰৰোচনা—
চক্ৰান্তমূলকভাৱে
ব্যতিব্যস্ত কৰি শব্দবোৰক
অনাহক কোঢ়ালৰ সৃষ্টি কৰা
মনৰ মজিয়াত ৰণ লগোৱা
ৰণ লগাই ৰং চোৱা

তোমাৰ কথা মনলৈ আহিলেই
আহে শব্দ আৰু নিহিতাৰ্থৰ
ভেদাভেদৰ কথাও

কিমান ধৰণৰ হ’ব পাৰে শব্দ
কিমান ধৰণৰ হ’ব পাৰে তাৰ অৰ্থ
কোনটো শব্দৰ কি অৰ্থই
অৰ্থৰ অনৰ্থ ঘটাব পাৰে…

মনৰ মাজত
শব্দ আৰু অৰ্থৰ
জোঁটপোট লাগে

শব্দ আৰু অৰ্থৰ এই মায়াজালৰ আঁৰত
সেয়া কোন?
তুমি নে মই
নে আমাৰ যুগপৎ ছায়া?

মই যেতিয়া মই হৈ নাথাকোঁ
তুমি যেতিয়া তুমি হৈ নাথাকা
থাকে মাথোঁ
তোমাৰ কথা

থাকে নেকি তেতিয়াও
অস্তিত্ব
শব্দ আৰু ইবোৰৰ অৰ্থৰ?

থাকে যদি ক’ত থাকে
নাথাকে যদি ক’ত হেৰায়?

এই বিশাল অস্তিত্ব
এক অন্তহীন হট্টগোল
নে এক গভীৰ অৰ্থবহ
আনন্দময় প্ৰশান্তি ধাৰা

এই লৈ মোৰ অনেক গুণাগঁথা
মনলৈ আহে যেতিয়া
তোমাৰ কথা।

❧ | আৰু পঢ়ক:

তোমাৰ কথা | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক