ব্যস্ত এজাক সপোন
জীৱনৰ ৰং বোলোৱাত—
ৰঙা, নীলা, সেউজীয়া
বগাবোৰ প্ৰিয়, সত্য।
তিমিৰাচ্ছন্ন দিনবোৰ
শৰতৰ শুকুলা মেঘে
পাহৰাই তুলিব…
শব্দবোৰে শৃংখল সাজি
আকাশত উৰিব…
কোঠালিয়ে, পেণ্ডেলে
ৰং তুলিকা লৈ
নগ্ন মূৰ্তিক
জীপাল কৰাৰ আখৰা।
আকাশত ৰঙ ঢালি
মৌ চুহিব খোজা
পখিলাৰ দৰে
এজাক সপোন উৰে।
নিয়ৰ টোপালে
কথা ক’ব খোজে—
মহিয়সী কুশলে আছানে তুমি?
❧ | আৰু পঢ়ক:
ছবি: Debnathsonu1996, CC BY-SA 4.0 via Wikimedia Commons
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক