মোৰ পিঠিত এটা দাগ আছে—
বৰ দ-কৈ দীঘলীয়া দাগ এটা
মোৰ নাতিটোক পিঠিখন খজুৱাবলৈ দিলে
সি ভয় ভয়কৈ দাগটো চুই চায়।
সি মোক প্ৰায়ে সোধে,
ককা, এয়া তোমাক মাষ্টৰে
অংক নকৰাৰ বাবে মাৰিছিল নে?
মই মাথোঁ মূৰ দুপিয়াওঁ
তাকনো কোনসতে কওঁ—
পেটৰ ভাতমুঠিৰ বাবে কৰা
জটিল অংকৰ উত্তৰ আছিল সেই দাগটো!
উজ্জ্বল বেলিৰ পোহৰত জিলিকিব খোজা
মোৰ নাতিটোক কেনেকৈ কওঁ,
এই দাগটো মই শ্ৰমিক হোৱাৰ দাগ
এই দাগটো মোৰ প্ৰাপ্য বিচৰাৰ অপৰাধৰ দাগ
নৰীয়া গাৰে কামলৈ যাব নোৱৰাৰ বাবে
বকচিছ হিচাপে ওপৰৱালাই
সৌকাৰে কোবোৱা দাগ?
মোৰ দৰে শতজনে মেহনতী দুহাতেৰে
দেশৰ বাবে দহৰ বাবে কাম কৰোঁ
জীৱনৰ আনন্দ, দুখ-বেদনা সকলো পাহৰি
কৰি যাওঁ কাম মাথোঁ কাম
বিনিময়ত পাওঁ লাঞ্চনা-গঞ্জনা
কাৰণ, আমি শ্ৰমিক
দাসত্ব আমাৰ পৰিচয়!
সেয়ে মই মোৰ নাতিটোক আখৰ পঢ়াইছোঁ,
সি শ্ৰমিকৰ বাবে আইন কৰিব
দাসত্বৰ বন্ধন খুলিব
নায্য প্ৰাপ্তি দিব শ্ৰমিকক।
সি বুজাব, শ্ৰমিকসকলো তেজ-মঙহৰ মানুহ
শ্ৰমিকৰো আছে সুখ-দুখ-হাঁহি-আনন্দত
ভাগ লʼব পৰা একোখন হৃদয়,
শ্ৰমিকসকলো এই দেশৰে নাগৰিক!
❧ | অধিক কবিতা:
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক