হাঁহি

হাঁহি
  • 26 Apr, 2023

সুখৰো আছে হাঁহি
দুখৰো আছে হাঁহি

অন্যায় ঠগ প্ৰৱঞ্চনাৰে কোনোৱে
আত্মসন্তুষ্টি লাভ কৰে
তেতিয়াও সৰি পৰে
এটা হাঁহি
য’ত জিলিকি থাকে কূটিলতা

কৃত্ৰিমতাই ঢাকি ৰখা
হাঁহিটোৱে হৃদয়
জুৰাব নোৱাৰে।

আপুনি মই সকলোৱে
পাহৰি গৈছোঁ নেকি
সৰল নিভাজ হাঁহিবোৰ—
যি হাঁহিয়ে
হৃদয় জুৰায়
যি হাঁহিয়ে
সম্বন্ধ ঘটায়
যি হাঁহিয়ে
মৰমবোৰ সিঁচি দিয়ে
বুকুৱে বুকুৱে
ঘৰে ঘৰে
চুবুৰিয়ে চুবুৰিয়ে

হাঁহিৰ ৰোলত
সন্ধিয়াৰ তৰাবোৰে
ভুমুকিয়ায়।

যি হাঁহিত শীতৰ জুহালৰ
আঙঠাবোৰ দগমগায়

যি হাঁহিত
গ্ৰীষ্মৰ আঁহতৰ তলখন
আবেলি ৰজনজনায়

যি হাঁহিত
ঢেঁকীশালৰ কটৰাৰ
মাত নুশুনি
ওলাই পৰে আশলশলা

সেই হাঁহিবোৰ মাৰিবলৈ
আকৌ একোবাৰ
আখৰা কৰোঁ আহক
মই আপুনি সকলোৱে।

❧ | অধিক কবিতা:

হাঁহি | ৰিবা হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক