যজ্ঞেশ্বৰ শৰ্মাৰ কবিতা: ৰঙা নৈ এৰি গৈ

যজ্ঞেশ্বৰ শৰ্মাৰ কবিতা: ৰঙা নৈ এৰি গৈ
  • 08 Apr, 2018

মনত পৰাৰ পৰাই দেখি আহিছোঁ
নাৱৰীয়াই ৰঙা নৈৰ সোঁতৰ ওপৰেদি
নাও বাই উজাইছে, ভটিয়াইছে।

এদিন কিবা এটা মন গ’ল
নৈৰ ঘাটত নাও বান্ধি
হাবিখন পাৰ হৈ বহ-গাঁও পালোগৈ।

আঁহতৰ তলত গাঁৱৰ মানুহ জুম পাতি বহিছে
পাঠকে বিদুৰৰ কাহিনী পঢ়ি শুনাইছে
বিয়াৰ পানী তুলিবলৈ আয়তীসকল দূৰ্বাঘাটলৈ আগবাঢ়িছে,
ঢুলীয়াই মূৰ জোকাৰি ঢোল বজাই আগে আগে গৈ আছে,
চফল ডেকাই পেঁপা বজাইছে
উঠন গাভৰুৱে লগে লগে নাচিছে
ভয় নাই, সংকোচ নাই।

সাহিত্যাচাৰ্য প্ৰয়াত যজ্ঞেশ্বৰ শৰ্মাৰ এই অপ্ৰকাশিত কবিতাটি উপেন্দ্ৰ বৰকটকীৰ সৌজন্যত পোৱা হৈছে।

ছবি: যোগিন্দ্ৰ সিং

যজ্ঞেশ্বৰ শৰ্মাৰ কবিতা: ৰঙা নৈ এৰি গৈ | যজ্ঞেশ্বৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক